পৃষ্ঠা:জন্মাষ্টমী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জন্মাষ্টমী
১০


ধৰ্ম্ম সংস্থাপন আৰু সংৰক্ষণ কৰাই কৃষ্ণ জন্মৰ উদ্দেশ্য। যি ধৰ্ম্ম সংৰক্ষণৰ বাবে আজি কৃষ্ণৰ জন্ম সেই ধৰ্ম্ম সাম্প্ৰদায়িক ধৰ্ম্ম নহয়। সেই ধৰ্ম্ম হৈছে সাৰ্ব্বজনীন ধৰ্ম্ম। জাতিবৰ্ণ নিৰ্ব্বিশেষে দেশকাল পাত্ৰ অভেদে সেই ধৰ্ম্ম সংস্থাপন। সেই ধৰ্ম্ম হৈছে মানৱ ধৰ্ম্ম, সেই ধৰ্ম্ম হৈছে সনাতন চিৰন্তন আৰু আনন্দময় ধৰ্ম্ম। মানৱ জীৱনৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক সকলো বৃত্তিৰ সম্পূৰ্ণ বিকাশ কৰি যি ধৰ্ম্মেৰে পৰম আনন্দ উপলব্ধি কৰিব পাৰি সেয়েই এই ধৰ্ম্ম। যি ধৰ্ম্মৰ দ্বাৰা মানৱ জীৱনৰ সূক্ষ্ম, স্থুল, সকলো মনোবৃত্তি স্ফুৰণ হৈ আত্ম পৰিচয় কৰি বিশ্বআত্মাত উপনীত হব পাৰি সেয়ে হৈছে এই ধৰ্ম্ম। এই মহা ধৰ্ম্ম ধ্যান, ধাৰণা, তপ সাধনাৰ মাজেৰে উপলব্ধি কৰিব পৰা যায় এই সাধ্য সাধনাৰ কথা বুলিলেই কৰ্ম্মৰ