পৃষ্ঠা:জন্মাষ্টমী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জন্মাষ্টমী

তেন্তে ভগৱন্তে কৃষ্ণৰূপ নধৰিও ইঙ্গিত মাত্ৰকে সকলো কাৰ্য্য কৰিব পাৰিলেহেতেন কিয়নো তেওঁ সৰ্ব্বশক্তিমান। সঁচা কথা, তেখেতে অৱতাৰ নহৈও অদৃশ্য শক্তি প্ৰয়োগেৰে কাৰ্য্য সাধন কৰিব পাৰিলেহেতেন। কিন্তু সেই অদৃশ্য শক্তি জন সাধাৰণৰ বোধগম্য, অনুসৰণীয় আৰু অনুকৰণীয় নহলহেতেন। সেই কাৰণে অৱতাৰ হৈ মানৱ লীলা স্বৰূপে সকলোৰে প্ৰতি অতি জটীল চিন্তাপূৰ্ণ কথাবোৰ প্ৰকাশ কৰাৰ আৱশ্যক। এয়েই হৈছে অৱতাৰৰ উদ্দেশ্য।

 ৭। কৃষ্ণ অৱতাৰৰ এটি বিশেষ উদ্দেশ্য আছে। সেই বিশেষ উদ্দেশ্যটি তলত দিয়া গীতাৰ শ্লোকটিৰ পৰা বেছকৈ বুজিব পাৰি :—

“পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম্।
ধৰ্ম্ম সংস্থাপনাৰ্থায় সম্ভবামি যুগে যুগে॥”