এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চিন্তা-তৰঙ্গিণী অন্তৰে তথাপি,—জানি, পাই দুনয়ন,— কলুষিবে এক যেন অমল কমল কিয় হল ইচ্ছা হায় নাজানে৷ কাৰণ ৷ কিন্তু পুনঃ ভাবি দেখোঁ, ধনী পুত্রগণ, যাহাৰ আগাৰ পূৰ্ণ অসংখ্য হীকে, গাঁথিয়া উজ্জ্বল হাৰ অতি সুচিকণ দোলায় জননী কণ্ঠে মনৰ আনন্দে ; দুঃখী পুত্ৰ যদি, যাৰ ঐশ্বৰ্য্যে অভাব, নানা স্থান হন্তে পুষ্প কৰি আহৰণ, গাঁথিয়া কুসুম মাল।, কৰি ভক্তি ভাব, দুঃখিনী জননী কণ্ঠে কৰে সংযোজন, আছে কিবা দোষ তাত ? দৰিদ্ৰ পুত্ৰৰ সামান্য কুসুম মালা,—সামান্য ভূষণ— মাতৃ কণ্ঠে দিলে কিবা আছয় জগৰ ? নকৰে কি মাতৃ তাক শৰীৰে বহন ? নহবে৷ নিৰাশ ; জল আশালতা মূলে কৰিবোঁ সিঞ্চন ; মালা “চিন্তা-তৰঙ্গিণী,” -নহলেও প্রিয় সিটো সভ্য বিজ্ঞ কুলে অবশ্য ধৰিব বক্ষে আদৰে জননী ।