সমললৈ যাওক

পৃষ্ঠা:চিন্তানল.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 “চিন্তানল” ই মোৰ নিভাজ দেশপ্ৰেমে উদগোৱা আসামৰ ভবিষ্যত অৱস্থা লৈ মন কৰা আৰু ইয়ে মোৰ বুকু চিন্তা জুয়ে দহি থকা ভাব ৰাশি। আজি ৩০।৪০ বছৰৰ আগৰ পৰা আসাম দেশ খানৰ পৰ্ব্বত পাষাণ পৰ্য্যন্ত ঘুৰি পকি চাই অসমীয়া মানুহৰ স্বভাব আৰু ঘোৰ অজ্ঞানতা পূৰ্ণ চৰিত্ৰ দেখি যিবিলাক ভবিষ্যত বাণী কৈছিলোঁ আৰু এতিয়াও কৈছোঁ সেই বিলাক ফলিয়াই আহিছে আৰু ফলিয়াব যে তাৰ ভুল নাই। ৰাইজে এই কথা দকৈ গমি চাব। শিক্ষিত শ্ৰেণী মানুহক দেখা যায় ছৰকাৰী কাম এটি পালে আৰু উকীল হব পাৰিলে প্ৰায় অনেকে দেশলৈ পিঠি দিয়ে। আসামবাসী অসমীয়া মানুহৰ নিজ সাহিত্যৰ প্ৰতি শ্ৰদ্ধা থকা হেতেন এই দেশত বহু কবি, বহু দাৰ্শনিক জন্মিল হেতেন। যি দেশত কবি আৰু দাৰ্শনীকে জন্মগ্ৰহণ কৰিবলৈ সাৰুৱা মাটী নাপায় সেই দেশ যে মৰুভূমি হৈ থাকে তাক নহয় বোলে কোনে? অনেকে কব পাৰে আসাম দুখীয়া দেশ গতিকে ধনৰ নাটনি হেতু এই দেশে কোনো প্ৰকাৰে উন্নতি বাটত আগ বাঢ়িব পৰা নাই। এই কথাৰ উত্তৰত মই কওঁ আগতে মন ডাঙ্গৰ হলেহে ধন ডাঙ্গৰ হয়, মনেহে ধন কৰে ওপজোতে মানুহ নাঙ্গত হৈহে ওপজে, ধনৰ টোপোলা লগত লৈ কোনো নোপজে। পৃথিবীৰ ইতিহাসেই প্ৰমাণ কৰে যে, যেই সেই জাতি পোনতে গাত চাল বাকলি নথকা আৰু আলু কছু সিজাই খোৱাৰ পৰা হে শেহত অতুল বিভৱশালী আৰু পৰাক্ৰমী জাতি হৈ উঠিছে। ইয়াক গুৰিতে ধনৰ বলে গঢ়ি তোলা নাছিল, মনৰ বা জ্ঞানৰ বলেহে গঢ়ি তুলিছিল। সত্যক গ্ৰহণ