পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৷৹ )

হৈছিল। গুপ্তবংশৰ ৰজাসকল বৈষ্ণৱ আছিল; এওঁলোকৰ সময়ত ভাৰতত বিষ্ণু আৰু শিৱপূজা বহুলৰূপে প্ৰচলিত হৈছিল। এই সময়ত শিল্পকলাৰ সম্পূৰ্ণ বিকাশ হোৱা বুলিব লাগে। এই সময়ৰ শিল্পীসকলে পুৰাণৰ ধৰ্ম্মভাৱ লৈ সেইবোৰ তুলিৰ সহায়েৰে প্ৰকাশ কৰিছিল। অজন্তাৰ গুহাৰ চিত্ৰাৱলী এই সময়তেই তৈয়াৰ হৈছিল বুলি বহুতে ঠাৱৰায়।
 আমাৰ কামৰূপৰ ভাস্কৰ বৰ্ম্মণৰ সময়ত দেশত বৌদ্ধপ্ৰভাৱ পৰে; পালবংশৰ ৰাজত্বকালত বৌদ্ধপ্ৰভাৱ বেছি হয়; কিন্তু তাৰ পাছত গোটেই উত্তৰ-পূব ভাৰতত পুনৰ হিন্দু-ধৰ্ম্মই বিশেষকৈ শৈৱ সম্প্ৰদায়ে দেখা দিয়ে। বুঢ়াগোঁসাইৰ থানবোৰ আজিলৈকে তাৰ অৱশেষস্বৰূপে আমাৰ ইয়াত আছে। এই সময়ত কটা কিছুমান বুদ্ধমূৰ্ত্তি বিষ্ণুমূৰ্ত্তিত পৰিণত হয়।
 প্ৰায় ১৩ শ শতিকাত পূৰ্ব্বদেশ তন্ত্ৰপ্ৰধান হৈ উঠে; এই সময়ত কামৰূপৰ যোগিনীতন্ত্ৰ আদি ৰচিত হয়। বিশেষকৈ পৰ্ব্বতৰ ওচৰৰ বহুত ঠাইত কোনো সমথলতো বৌদ্ধ-তান্ত্ৰিক মত চলে। লক্ষ্মীমপুৰৰ কেঁচাখাতী, শেষত “তাৰা” নাম থকা দেৱালয়বোৰ এই সময়ৰেই বুলি কিছুমানে ঠাৱৰায়।
 প্ৰাচীন কামৰূপত ভাগৱতী ধৰ্ম্ম আৰু বিষ্ণুপূজা ১৫শ শতিকালৈকে থকাৰ চিন পোৱা যায়; কিন্তু সি অতি ক্ষীণভাৱে আছিল। এই সময়ত ব্ৰাহ্মণপণ্ডিত কিছুমানৰ ভিতৰত ভাগৱত চৰ্চা অলপ অচৰপ আছিল যদিও সৰ্ব্বসাধাৰণ ইয়াৰ ৰসৰপৰা বঞ্চিত আছিল। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আবিৰ্ভাৱৰ পাছৰপৰাহে দেশত ভাগৱত চৰ্চা কোবালভাৱে চলে। এই সময়ত

कमनीयता। (५) साहश्य और (६) कर्णिका भंग यानि तृलिका और रंगोंका ज्ञान।
 सातवीं सदी के बाणभट्ट लिखित हर्षचरित में 'कपड़ों' पर अंकित यमपुरीके चित्रों की बात का उल्लेख है। तत्कालीन कामरूपके राजा भास्कर वर्मनके द्वारा हर्षबर्धनके पास भेंट-स्वरूप भेजी गई बस्तुओं में रंगीन चित्रों का उल्लेख मिलता है।[১]
 डीमापुरके राजमहलकी चित्रावली भी बहुत प्राचीन है ऐसा कई लोग बतलाते हैं। श्रीसूर्य्य पहाड़की मूतियों बौडकालीन हैं। ई० पू० २री सदी से उत्तर भारतमें भागवत धर्मका प्रचार इआ। इसी कारण इस समय में विष्णुमूर्तियाँ पत्थर पर अंकित होती थीं। गुप्तवंशके राजागण बैष्णव थे; अतः उनके शासनकालमें बहुलतासे विष्णु और शिव की पूजाका प्रचार हुआ था। इस समय शिल्पकला का पूरा विकाश हुआ ऐसा कहा जा सकता है। इस समयके शिल्पिंयों ने पुराण से धर्मभावको लेकर तुलिकाओं द्वारा उसे प्रगट किया था। अनुमानतः 'अजन्ता' गुफाकी चित्राबली इस काल में ही तैयार हुई है।
 हमारे कामरूपमें भास्कर वर्म्मन के राजत्वकाल में देश पर बौद्धधर्मका बहुत प्रभाव या; और पालवंश के राजाओं के समय में बौद्धधर्मका ज्यादा प्रसार हुआ; परन्तु उसके बाद समस्त उत्तर- पूर्व्व भारतमें फिरसे हिन्दुधर्म विशेषकर शैव सम्प्रदाय् का बोलबाला हो गया। हमारे यहां आज भी'बूढ़ा गोसाईं' के

  1. Early History of Kamrup, by K. C. Baruah, page 95.