পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৬৪ )
কালীয়ে কৃষ্ণক সৰ্ব্বগাৱে মেৰাই ধৰিছা। গোপ-গৰু সন্তাপ কৰিছা।  

বিষৰ জালত অচেতন হৈ পৰি থকা ভাৱ জুৰিলে। কৃষ্ণৰ সেই অৱস্থা দেখি পাৰত থকা গোপবালকবিলাক অতি বিষণ্ণ মনে মূৰে কপালে হাত দি আঠু কাঢ়ি বহি কান্দিবলৈ ধৰিলে। ধেনুবিলাকেও গল দাঙি দাঙি যেন কৃষ্ণৰ বিৰহত অফুট শব্দেৰে বিলাপহে কৰিব ধৰিলে।

 

 ইফালে গোকুলত বিমঙ্গলৰ নানা চিন দেখি কৃষ্ণ আদিৰ বিপদ আশঙ্কা কৰি গোপ-গোপীবিলাক গৈ নন্দৰ ঘৰত উপস্থিত হৈছে। নন্দ ৰজা বহি আছে; এজন গোপে হাতযোৰ কৰি উৎপাতৰ কথা নন্দক কৈছে। আৰু আন এজনী গোপী পাছৰ ফালে থাকি হাত দাঙি হুঙ্কাৰ ধৰিছে। কোনো গোপে আকৌ হাতত লাখুটি ধৰি কৃষ্ণৰ পদচিহ্ন চাই বন ফেৰি ফেৰি আগে আগে

कृष्णने विषकी ज्वालासे बेहोशीका बहाना किया। कृष्णकी एसी हालत देखकर किनारे के गोपबालक अत्यंत दुःखके साथ सिरपर हाथ रखकर घुटनेके बल बैठकर रोने लगे। गायेंभी गला उठा उठाकर कृष्णके विरहमें मूक आवाजसेही रोने लगीं।

 

 इधर गोकुल में अपशकुनोंसे शंकित होकर कृष्ण आदिके अमंगलकी आशंकाके कारण ग्वाल-ग्वालिनें नन्दके घरमें हाजिर हुये। नन्द राजा बैठे हैं। एक ग्वाल हाथ जोड़कर उत्पातकी बात नन्दसे कहरहा है। दुसरी एक ग्वालिन पीछे खड़ी उसका समर्थन कर रही है। कोइ ग्वाल फिर हाथमें लाठी लेकर कृष्ण का पदचिह्न देखता हुवा बनकी ओर आगे आगे जा रहा है; कई