পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৶৹ )

চিত্ৰবিদ্য়াৰ বিশেষ উন্নতি হয়, কিন্তু সেইবোৰ আগৰ দেৱভাৱৰ। বিন্দুসাৰক এই কাৰণে প্ৰাচীন কলাৰক্ষক বোলে। চিত্ৰশিল্পৰ চৰ্চ্চাৰ কেন্দ্ৰ পশ্চিমে ৰাজপুতনাত হৈছিল। ৭ম শতিকাৰ শিলাদিত্যৰ সময়ত ঘাইকৈ যক্ষভাৱৰ চিত্ৰ-চৰ্চ্চা ইয়াত হৈছিল। ৯ম শতিকাৰ পূবৰ প্ৰাচীন গৌড়ত ( বাৰেন্দ্ৰ ) ধৰ্ম্মপাল আৰু দেৱপাল ৰজাৰ দিনত নানা ভাৱৰ চিত্ৰ নানাবিধ ধাতুপাতত চৰ্চ্চা হৈছিল। ৬ষ্ঠ শতিকাৰ পৰা ১০ শতিকালৈকে কাশ্মীৰ, নেপাল, কামৰূপ, ব্ৰহ্ম আৰু দক্ষিণাপথৰ বহুত ঠাইত দেৱ, যক্ষ আৰু নাগ ভাৱৰ চিত্ৰ-চৰ্চাৰ চিন পোৱা যায়।
 গুপ্তযুগৰ বাৎস্যায়নৰ কামসূত্ৰত হিন্দু-চিত্ৰৰ ছয়টা অংশৰ কথা উল্লেখ আছে; যেনে—(১) ৰূপভেদ অৰ্থাৎ দৰ্শনজ্ঞান, (২) প্ৰমাণ অৰ্থাৎ অনুভৱ, পৰিমাণ আৰু অবয়ৱৰ ধাৰণা, (৩) ভাব অৰ্থাৎ আকৃতিৰ অনুভূতি, (৪) লাৱণ্য যোজনা অৰ্থাৎ কমনীয়তা, (৫) সাদৃশ্য আৰু (৬) কণিকাভঙ্গ অৰ্থাৎ তুলী আৰু ৰঙৰ জ্ঞান।
 ৭ম শতিকাৰ বাণভট্টৰ হৰ্ষচৰিতত কাপোৰত অঁকা যমপুৰীৰ চিত্ৰৰ কথা উল্লেখ আছে। এই সময়ৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্ম্মণে হৰ্ষবৰ্দ্ধনলৈ পঠোৱা উপঢৌকনৰ ভিতৰত ৰঙিন চিত্ৰৰ উল্লেখ আছে।[১] আমাৰ ডিমাপুৰৰ ৰাজ-কাৰেঙৰ চিত্ৰাৱলীও বেছি পুৰণি বুলি কিছুমানে কয়। শ্ৰীসূৰ্য্য পাহাৰৰ বেছি ভাগ মূৰ্ত্তি বৌদ্ধযুগৰ। খৃঃ পূঃ ২য় শতিকাৰপৰা উত্তৰ ভাৰতত ভাগৱত ধৰ্ম্ম প্ৰচাৰিত হয়; এই সময়ত অনেক বিষ্ণুমূৰ্ত্তি শিলত খোদিত

देवभावमूलक चित्रों का अंकन होता था। ई৹ पूर्व ३री सदी से ईसवी ३री सदी तक भूत प्रेतादियों और अलौकिक भाववाले यज्ञ नामक चित्रों का अंकन होता था। कलिष्क के बाद नागवंशीय राजाओंने मध्यभारत पर राज्य किया था। अत: ई৹ ३री सदी से लेकर ७वीं सदी तक जितने भारतीय चित्र तैयार हुए वे नागवाभके चित्र कहलाते हैं।[২]
 कुशान और नागवंशीय राजाओं के राजत्वकालमें उत्तर भारतके पूर्व, मध्य और पश्चिम के तोनों स्थान चित्रकलाके मुख्य कैन्द्र बन गये थे। मगधराज विन्दुसार के समय में ई० पू० ३री सदी में चित्रकला की विशेष प्रगति हुई। वे चित्र पहले के देव-भावमूलक हैं; इसलिए बिन्दुसार को प्राचोन चित्रकला का रज्ञक कहा जाता है। पश्चिम में चित्र-शिल्पकला का केन्द्र राजपूताना था। ७वीं सदी में शिलादित्य के समयमें मुख्यतया यज्ञ भाव के चित्रों को चर्चा ही थी। पूर्व के प्राचीन गौड़ (वारेन्द्र) में ८वीं सदी के धर्म्मपाल और देवपाल के शासनकाल में अनेक भावों के चित्रों का निर्माण .विविध धातु-पत्तों पर हुआ था ।
 गुप्त कालीन वात्स्यायन के कामसूत्र में हिन्दु चित्रों के ६ भेद उल्लिखित हैं—जैसे—(१) रूपमेद यानि दर्शन ज्ञान। (२) प्रभाव यानि अनुभव ; परिसाण और अवयव की घारणा। (३) भाव यानि आकार का अनुभव (४) लावस्य-योजना यानि

  1. Early History of Kamrup : By K.L. Baruah, Page 95.
  2. अमरावतीके प्रस्तर चित्रोंमे नागार्जुनकाल के चित्र हैं।