পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৫৭ )

কোনো গোপবালকে কৃষ্ণৰ হাত টিপিব ধৰিছে; কোনোৱে বা ভৰি নিজৰ গাত তুলি পিহিব ধৰিছে। কৃষ্ণই বলৰামৰ ভৰি দুখন আনন্দেৰে নিজৰ কোলাত তুলি লৈছে। আন এজন গোপবালকে বলৰামৰ হাত টিপিব ধৰিছে।

किसी जगह कृष्ण सो रहा हैं। कोई गोपबालक कृष्णके हाथ दबा रहा हैं तो कोई पाँवको अपने बदनपर रखकर मल रहा है। कृष्णने बलरामके दोनों पैर आनन्दसे अपनी गोद बैठा लिए। दुसरा गोपबालक वलरामके हाथको दबा रहा हैं।

ধেনুকাসুৰে তালক ৰাখিছা। শ্ৰীদাম।
বলভদ্ৰে
তালক ঝঙ্কাৰিছা।
সুদাম। শ্ৰীদাম। কৃষ্ণ। ৰাম।  

 ধেনুকাসুৰ বধ :– বৃন্দাবনত ধেমালি কৰি থাকোঁতে শ্ৰীদাম, সুদাম আদি গোপবালকসকলে পকা তালৰ গোন্ধ পাই কৃষ্ণ আৰু বলৰামৰ আগত তালফল খাবলৈ ইচ্ছা প্ৰকাশ কৰিলত দুয়ো ভাই হাঁহি তালবনত সোমাল। ৰামে দুয়ো হাতেৰে এজোপা তাল গছ জোকাৰি দিলত ডাঙৰ ডাঙৰ পকা তালবোৰ সৰি পৰিল। তাল পৰা শব্দ শুনি ধেনুকাসুৰ খেদি আহি পাছ ঠেং দুখন ওপৰলৈ তুলি ৰামৰ বুকত লাথি মাৰিলে।

 

 धेनुकासुर वध : बृन्दावनमें खेल रहे थे तो पके हुए ताड़की गंध पाकर श्रीदाम, सुदाम आदि गोपबालकगणने कृष्ण और बलरामके सामने ताड़का फल खानेकी इच्छा प्रगट की। दोनों भाई हँसकर ताड़बनमें घुस गये। बलरामने जब दोनों हाथोंसे एक ताड़के पेड़को जोरसे हिला दिया तो बड़े बड़े पके हुए ताड़ गिर गये। ताड़के गिरनेकी आवाज सुनकर धेनुकासुर आकर पीछेके दोनों पैरोंको ऊपर उठाकर रामको छातीपर प्रहार किया।