পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
৪৫
 কৃষ্ণে সমস্তৰে ৰূপ ধৰি ব্ৰজক যান্ত।  গুৱাল।  গৰু।  গোপশিশু।  

 ব্ৰহ্মাৰ গোপবালক আৰু দামুৰি চুৰি; কৃষ্ণৰ গোপ-বালক আৰু দামুৰিৰূপ ধাৰণঃ—কুষ্ণ আৰু গোপশিশুসবে ভোজন কৰি থাকোঁতে কোমল ঘাঁহৰ লোভত দামুৰিবোৰ বহু-দূৰলৈ গল। গোপবালকবিলাকে দামুৰি বিচাৰি নাপাই কৃষ্ণত জনালে। কৃষ্ণই গৰখীয়া গোপশিশুসবক বেজাৰ কৰিবলৈ হঁ৷ক দি নিজে বনত বহুত বিচাৰিলে; পাছত দামুৰি নাপাঁই ঘূৰি আহি গোপশিশুসবকো নেদেখি হৃদয়ত ধ্যান কৰি দেখে যে ব্ৰহ্মাই চুৰি কৰি নিছে। পাছত ভগবান কৃষ্ণই নিজে গৰখীয়া দামুবিৰ ৰূপ ধৰি কাষত শিঙা, হাতত লৰু লৈ বঁহী বজাই বজাই ভ্ৰজলৈ উলটিল। ব্ৰজত গৈ যি গাইৰ যি দামুৰি তাক পিবলৈ ধৰিলে। কোনো কোনো দামুৰি শুই থাকিল। কৃষ্ণ, গোপ আৰু গোপ-বালকসকলে নিৰীখি নিৰীখি সিহঁতক চাবলৈ ধৰিলে।

 ब्रह्माकौं गोपवालक ओर बछड़ोंको चोरी : कृष्ण और गोपशिशुगण जब भोजन करते थे तब नरम घासकी चाहसे बछड़े बहुत दूर तक गये।. गोपबालकगण बछड़ोंको खोजते खोजते न मिलनेपर कृष्णसे कहा। कृष्ण गायें चरानेवाले गोपशिशओंको दुःखी देखकर खुद वनमें ढूँढ़ने लगे। बादमें बछड़े न मिलनेपर लौट आकर गोपशिशुओंको भी न देखकर हृदयमें ध्यान किया तो मालुम हुआ कि ब्रह्माने चोरी की हैं। तब भगवान कृष्ण खुद गायें चरानेवाले व बछड़ोंके रूपमें पासमें सींगा, हाथमें डंडा लेकर बाँसुरी बजाते बजाते व्रजको लौटे। व्रजमें आकर बछड़े अपनी अपनी मा का दूध पीने लगे। कोई कोई बछड़ा ऊंघ रहा था। कृष्ण ग्वालबालोंके साथ उन्‍हें चावसे दख रहे हैं ।