পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩৮ )
 
বকাসুৰে কৃষ্ণক গিলিছা। গোপশিশু সন্তাপ কৰিছা। কৃষ্ণে বৎসাসুৰ বধিছা। বলভদ্ৰ। শ্ৰীদাম। সুদাম।  
 

 বৎসাসুৰ আৰু বকাসুৰ বধঃ বৃন্দাবনত বসতি কৰা সময়ত এদিন কৃষ্ণ বলৰাম আদিয়ে দামুৰি চাৰি থাকোতে এটা অসুৰে দামুৰি ৰূপ ধৰি দামুৰি পালৰ মাজত সোমাল। কৃষ্ণই ইঙ্গিতেৰে বলাইক দেখুৱাই তাৰ ওচৰলৈ গল, আৰু⸺

“লাঙ্গুৰে সহিতে পাছ দুয়ো ভৰি
ধৰি তাক চক্ৰপাণি।
পাক ফুৰাই আনি কপিল্বক লাগি
পাঠাইলন্ত মেলি হানি।”

বলৰাম, শ্ৰীদাম আৰু সুদাম তেওঁৰ পিছৰ পিনে আচৰিত হৈ হাত দাঙি থিয় দি থাকিল।
 আন এদিন বকাসুৰ নামে আন এটা অসুৰে আহি কৃষ্ণক হঠাৎ ঠোঁট মেলি গিলিলে। কৃষ্ণক বকাসুৰে আধা গিলা কৰা দেখি

 वत्सासुर और वकासुर वध : वृन्दावनमें रहनेके समय एक दिन कृष्ण बलराम आदि जब बछड़े चरारहे थे तब एक असुर बछड़ेका रूप धरकर बछड़ोंके बीच घूस गया। कृष्ण इशारासे बन्तरामको दिखाकर उसके पास गया और पूँछके साथ पीछेके दोनों पैर पकड़कर घुमा दिया और कपित्थ पेड़पर गिरकर वह मर गया। बलराम, श्रीवास और सुदाम उसके पोको विस्मित होकर खड़े हैं।
 दूसरे एकदिन वकासुर नामका एक असुर आकर चोंच फैलाकर हठात् कृष्णको निगल गया। कृष्णको बकासुरको आध–