পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২৮ )
 

হাত মেলি সেৱা কৰিছে। পিছৰ ফালে নন্দ যেন বিস্ময় হৈ এখন আসনত হাত তুলি বহি আছে।

करती हैं। पोछे नन्द विस्मितसे होकर एक आसन पर बैठे हैं।

 গোপী।  ৰোহিণী। বলভদ্ৰ। যশোদা। কৃষ্ণ। নন্দে জাতকৰ্ম্ম কৰাইছা। গৰ্গ ঋষি।  

 শ্ৰীকৃষ্ণৰ জাতকৰ্ম্ম আৰু নামকৰণঃ যাদৱৰ পুৰোহিত গৰ্গ ঋষি বসুদেৱৰ দ্বাৰা প্ৰেৰিত হৈ গোকুললৈ আহি কৃষ্ণ-বলৰামৰ নামকৰণ আৰু জাতকৰ্ম্ম কৰিলে। তেঁও এখন উচ্চ আসনত বহি হাত দাঙি কৃষ্ণ-বলৰামৰ কোষ্ঠীৰ ফলাফলৰ কথা কৈছে। নন্দ ওচৰতে আঠু লৈ হাতযোৰ কৰি বহি আছে। নন্দৰ পিছফালে কৃষ্ণক হাতত ধৰি থিয় কৰি যশোদাও আঠুকাঢ়ি বহিছে। তেঁওৰ পাছত বলভদ্ৰক থিয় কৰি লৈ ৰোহিণীও আঠু লৈ বহিছে। পিছৰ ফালে এজনী গোপী আঠু কাঢ়ি বহি যেন কৃষ্ণ-বলৰামৰ গুণাগুণৰ কথা শুনিব ধৰিছে।

 श्रीकृष्णका जातकर्म्म और नामकरण : यादवोंके पुरोहित गर्ग ऋषि वसुदेव द्वारा प्रेरित होकर गोकुल आवे और कृष्ण बलरामका नामकरण व जातकर्म्म किया। वह एक ऊँचे आसनपर बैठकर हाथ उठाकर कृष्ण बलरामको जन्मपत्रीका फलाफल कह रहे हैं। नन्द पासही हाथ जोड़े बैठे हैं। नन्दके पोछे कृष्णका हाथ पकड़ करके यशोदाभी बैठी हैं। उसके पीछे बलभद्र के पास रोहिणी भो बैठी है। पीछे एक गोपी मानों कृष्ण बलरामका गुण अवगुण सुन रही है।