পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২৭ )
 
চক্ৰবাত বধ হুইছা।  কৃষ্ণক গোপী আক্ৰমি ধৰিছা। সেৱকিনী। যশোদা কৃষ্ণক তন দিছা। নন্দ।  

 যশোদাৰ বিশ্ব-দৰ্শনঃ কৃষ্ণক নেদেখি গোকুলৰ যশোদা আদি ৰমণীসকল কান্দি-কাতি উত্ৰাৱল হৈ আছে; এনেতে এটা ভীষণ শব্দ হল। গোপীবিলাকে কান্দিবলৈ এৰি সেইফালে চাই দেখে, যে এটা বৰ ডাঙৰ অসুৰ হাত ভৰি মেলি দাঁত নিকটাই মৰি পৰি আছে আৰু তাৰ গলত কৃষ্ণ ওলমি আছে। এজনী গোপীয়ে সেই মৰা অসুৰৰ বুকৰপৰা কৃষ্ণক আনিব ধৰিছে; কৃষ্ণই গোপীৰ গলত এখন হাত আৰু কঁকালত এখন হাত দি গোপীৰ কোলাত উঠিব খুজিছে। গোপীয়ে কৃষ্ণক নি যশোদাৰ কোলাত দিলত যশোদাই কৃষ্ণক কোলাত লৈ তেওঁৰ মুখৰ ফালে একেৰাহে আনন্দমনে চাই থাকিল। কৃষ্ণই যশোদাৰ কোলাত উঠি হামি মাৰিলত যশোদাই কৃষ্ণৰ মুখৰ ভিতৰত সমস্ত জগত দেখি স্তব্ধ হল। আগৰ ফালে সেৱকিনী গোপীয়ে

 यशोदाका विश्व-दर्शन : कृष्णको न देखकर यशोदा आदि गोकुल की रमणियाँ अधीर हो रो रही हैं; इतनेमें एक डरावनी आवाज होती है। ग्वालिने रोना छोड़कर उसकी ओर ताककर देखती हैं कि एक बहुत बड़ा असुर हाथ पैर फैलाकर दाँत निकाले मरा पड़ा है और उसके गले में कृष्ण लटका हुवा है। एक गोपी उस मरे हुए असुरको छाती से कृष्णको गोदमें ला रही है। कृष्ण गोपीके गले में एक हाथ और कमरमें एक हाथ देकर गोपीको गोद में आना चाहता है। जब गोपीने कृष्ण को लाकर यशोदाकी गोंदमें दिया तो यशोदा कृष्णको गोद में लेकर उसके मुँहको और एक टक देख रही हैं। इतने में कृष्ण अपना मुंह खोलते हैं। कृष्णको गर्भ में समस्त जगतको देखकर यशोदा स्तब्ध हो गयी। सामने सेविका गोपी हाथ फैलाकर सेवा