পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২৪ )
 
বাদ্য
 বাজাইছা।
বিপ্ৰে
তূতি কৰিছা।
যশোদা কৃষ্ণক
নোৱাইছাঁ॥
গোপী।  যশোদা গোপীক ভুঞ্জাইছাঁ। চৰণ আঘাতে শকট পৰিছা। পৰীক্ষিত। শুক।  
 

 শকট ভঞ্জনঃ মহাৰাজ পৰীক্ষিতে একাগ্ৰচিত্তে হাতযোৰ কৰি আঠুলৈ ভাগৱতৰ কথা শুনিছে। শুকদেৱে শ্ৰীকৃষ্ণৰ শিশুলীলাৰ কথা কব ধৰিছে। ভগবান কৃষ্ণ অলপ ইফাল সিফাল কৰিব পৰা হোৱাত ৰজা নন্দই “অঙ্গ-পৰিৱৰ্ত্তন" নামে উৎসৱ পাতি ব্ৰাহ্মণ জ্ঞাতিক নিমন্ত্ৰণ কৰিছে। এনে সময়ত কৃষ্ণৰ টোপনি অহা দেখি যশোদাই তেওঁক এখন গাড়ীৰ তলত শুৱাই থৈ ঠগীত কৰি লাড়ু আদি আনি মানুহক খুৱাব ধৰিছে। ইপিনে কৃষ্ণই সাৰ পাই পিয়াহত কান্দিব ধৰিছে। যশোদাই সেইফালে কাণ নকৰাত কৃষ্ণই ভৰি তুলি কান্দোঁতে আগ ভৰিৰ আঘাতত গাড়ীখন উলটি পৰিল৷ শব্দ শুনি যশোদাই ঘাৰ ফিৰি চায় যে গাড়ীখন উলটিছে আৰু তাত থকা দধি, দুগ্ধ, ঘৃতৰ কলহবোৰ কাতি হোৱাত সেইবোৰ পৰিব ধৰিছে।

 शकट भंजन : महाराज परीचित एकाग्रचितसे हाथ जोड़कर घुटने टेककर भागवतकी कथा सुन रहे हैं। शुकदेव श्रीकृष्णकी शिशुलीलाकी कथा कह रहे हैं। भगवान कृष्ण जरा चलने फिरने लगे; तब राजा नन्द अ'ग परिवर्त्तन नामका त्यौहार मनाकर ब्राह्मण और कुटंवी जनोंको निमंत्रित किया। इसी समय कृष्णको नींद आते देखकर यशोदा एक बैलगाड़ीके नीचे सुलाकर लड्डु वगैरह लाकर लोगोंको खिला रही है। इधर कृष्ण जागकर प्याससे रोने लगे। यशोदाको उधर ध्यान न देनेसे कृष्ण पैर उठाकर रोते हुए दाहिने पाँवको चोटसे गाड़ीको उलट दिया। आवाज सुनकर यशोदाने जब मुँह फिराकर देखा कि गाड़ी उलट गयी और उससे दूध, दही, घी घड़ोंसे गिर रहे हैं।