পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ২০ )
 
 শয্যাত কৃষ্ণে শুতিছা।  নন্দৰ গৃহত পূতনা পশিছা।  

 গোকুলত পূতনা প্রবেশঃ সিফালে কংসই পঠোৱা পূতনা নামে ৰাক্ষসী এজনীয়ে সুন্দৰী ৰমণী বেশে কৃষ্ণক বধিবলৈ গোকুলত উপস্থিত হৈছে। যশোদাই কৃষ্ণক সৰু খাট এখনত শুৱাই থৈছে। পূতনাই হাতত পদুমফুল এটা লৈ লাহে লাহে কৃষ্ণৰ ওচৰ চাপিছে । পূতনাক দেখি কৃষ্ণই—

“আচাৰন্ত ভৰি ভোখে কান্দন্ত সাক্ষাত
দেখি নিশাচৰী হাসি মেলিলন্ত হাত ॥”

 गोकुल में पूतनाका प्रवेश : उधर कंस द्वारा भेजीहुई पुतना नामकी राक्षसी सुंदर रमणीके वेशमें कृष्णका वध करनेके लिए गोकुलमें आई। यशोदाने कृष्णको पलंगपर सुलां रखा था। पूतना हाथमें एक कमलका फल लेकर धीरे धीरे कृष्णके पास पहुंची। पृतनाको देखकर कृष्ण हाथपैर मारतेहुवे रोने लगे मानों भूखे रो रहे हैं। निशाचरी यह देखकर हाथ फैलाती है ।