পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১৬ )
 
 তিলৰ পৰ্ব্বত।  কৃষ্ণৰ জন্মত মহোৎসৱ মিলিছা। যশোদা কৃষ্ণক কোলা লৈছা। নন্দে জাতকৰ্ম্ম কৰাইছা। গর্গ ঋষি।  
 

 গোকুলত কৃষ্ণ-জন্মোৎসৱঃ ইফালে গোকুলত নন্দ-যশোদাৰ আনন্দৰ পাৰকুল নাই। গোপৰাজ নন্দই পুত্র-জন্ম আনন্দত বিভোৰ হৈ স্নান কৰি ৰত্ন-বস্ত্ৰৰ সৈতে পৰ্বত প্রমাণ তিল ব্রাহ্মণক দান কৰিলে। গোকুলৰ কোনোৱে খোল, কোনোৱে তাল কোনোৱে বা কালি বজাই বজাই নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে। মহামুনি গর্গই বসুদেৱৰ আদেশত গোকুললৈ আহি গোপনে গোপনে কৃষ্ণৰ নামকৰণ কৰিলে। ভগৱান কৃষ্ণক কোলাত লৈ যশোদা দেবীয়ে পিয়াহ খুৱাইছে। গোপৰাজ নন্দ গৰ্গ মুনিৰ সম্মুখৰ ফালে বহি আগহাত মেলি পুত্ৰৰ কোষ্ঠীৰ ফল কেনে তাকেহে শুনিবলৈ যেন প্রতীক্ষা কৰিছে ।

 गोकुल में कृष्ण जन्मोत्सव : इधर गोकुलमें नन्द यशोदाके आनन्दका कूल किनारा ही नहीं है। गोपराज नन्द पुत्रजन्मके आनन्दसे बसुध होकर स्नानके बाद रत्न वस्त्रों के साथ ढेरके ढेर तिलोंका ब्राह्मणों को दान दिया। गोकुल-वासी आनन्दसे नाचते गाते आत्महारा होगये। महामुनि गर्गने वसुदेवके आदेशसे गोकुल आकर छिपाकर कृष्णका नामकरण किया। भगवान कृष्णको गोदमें लेकर यशोदा-देवी स्तनपान करा रही हैं। गोपराज नन्द गर्गमुनिके सामने बैठकर दाहिना हाथ फैला कर पुत्रको जन्मपत्रिकाका फल सुननेको प्रतीक्षा कर रहे हैं।