পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ১৪ )
পুতনা অঘাসুৰ বকাসুৰ কংসৰ সেৱক সভাপাতি কংস বসিছা দাস কেশী অবিষ্ট  

 ৰাজা কংসৰ মন্ত্ৰণাসভাঃ— কংসই বসুদেৱ-দৈবকীৰপৰা বিদায় লৈ যোগমায়াৰ বাণী স্মৰণ কৰি সচিন্তিত মনে ঘৰলৈ উভতিল। পিছত পূতনা, অঘাসুৰ, বকাসুৰ, কেশী, অৰিষ্ট আদি অসুৰবিলাকৰ সৈতে সভাপাতি যোগমায়াৰ বাণীৰ বিষয়ে আলোচনা কৰে। দৈত্যবিলাকে সগৰ্বে হাত তুলি আশ্বাস দি কলে— “আপোনাৰ শত্ৰু কোনোবা ঠাইত জন্মিছে যেতিয়া ৰাজ্যত যিমান শিশু বিচাৰি পাওঁ সকলোকে মাৰোঁ। দেৱতাবিলাকৰ মূল মাধৱ; বিষ্ণুৰ সেৱক হৈছে যজুৰ্বেদী ব্ৰাহ্মণ; সেই কাৰণে তপস্বী ঋষিবিলাকক বধ কৰোঁ আৰু যাগ-যজ্ঞ নষ্ট কৰোঁ; বিষ্ণুৱে খাবলৈ নাপাই আপুনি মৰিব।

 राजा कंसकी मन्त्रणासभा : वसुदेव-देवकीसे बिदा लेकर योगमायाकी वाणी याद कर सोचते सोचते कंस घर लोटा। बाद में पूतना, अघासुर, बकासुर, केशी अरिष्ट आदि असुरोंके साथ सभामें योगमायाकी वाणीके बारेमें आलोचना की। दैत्योने गर्वके साथ हाथ उठाकर आश्वासन देकर कहा—“जब आपका शत्रु किसी जगह जन्मा है, तो राज्यके समस्त शिशुओंको ढुँढ़कर मारेंगे। देवताओंके, विष्णुके सेवक हैं यजुर्वेदी ब्राह्मणगण; इसलिए तपसी ऋषियोंका वध करनेपर और यज्ञादि भ्रष्ट कर देनेपर भोजन न मिलने से विष्णु आप ह मर जायगा।”