সমললৈ যাওক

পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत्
( ৬ )

 কংসৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱ বন্ধন অৱস্থাত আছে; ৰখীয়াই বন্দীশাল পহৰা দিছে। গৰ্ভৱতী দৈৱকী চিন্তাযুক্তা হৈ আছে; বসুদেৱে তেওঁক নানা প্ৰবোধ-বাক্যেৰে আশ্বাস দিছে। কংসৰ অনুচৰে দৈৱকীৰ গৰ্ভহোৱা সংবাদ কংসৰ আগত দিলত কংস চিন্তাযুক্ত হল; পাছত জন্মহীন বিষ্ণুৰ জন্ম ভয়ত দৈৱকীৰ প্ৰত্যেক সন্তান জন্ম মাত্ৰেই মাৰিবলৈ স্থিৰ কৰি বন্দীশালত খৰ দৃষ্টি ৰাখিবলৈ অনুচৰক আদেশ কৰিছে।

 कंसके कैदखानेमें देवकी और वसुद्देव बंधी हुई हालतमें हैं। पहरेदार कैदखानेमें पहरा दे रहा है। गर्भवती देवकी चिन्तित हैं; वसुदेव अनेक प्रबोध वाणी से आश्वासन दे रहे हैं। कंस दूतसे शिशु-जन्मकी सूचना पाकर चिंतित हुआ। फिर जन्मरहित विष्णु के जन्मके भयसे देवकीकी हर सन्तानको मारनेका निश्चय कर कौदखाने पर कड़ी नजर रखनेके लिए अनुचरको आदेश दिया।