পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत

ধেনুৰূপা পৃথিবীৰ ব্ৰহ্মাৰ ওচৰত দুখ নিবেদন। অসংখ্য দৈত্যৰজাৰ পীড়নত পৃথিবী পীড়িতা হৈ তাৰ ভাৰ সহিব নোৱাৰি ধেনুৰূপ ধৰি ব্ৰহ্মাৰ আগত দুখ নিবেদন কৰিছে। ব্ৰহ্মাই সেই গাভী-ৰূপা পৃথিবীক আগত লৈ সূৰ্য্য, বৰুণ, বায়ু, অগ্নি, ইন্দ্ৰ, কুবেৰ, চন্দ্ৰ, যম আদি ত্ৰিদশ কোটি দেৱতাৰ সৈতে ক্ষীৰোদ সাগৰৰ পাৰত পুৰুষ-সুক্ত মন্ত্ৰেৰে মাধৱক আৰাধনা কৰোঁতে সমাধিত আকাশী বাণী শুনে।

घेनुरुपमें पृथ्वीका ब्रह्मा के पास दुःख निवेदन: असंख्य दैत्यराजाओंके पो पीड़नसे शथ्वी पीड़ित होकर बोझ सहनेसें असमर्थ हो घेनु रुपमें ब्रह्माके सामने दुःख निवेदन करती है। ब्रह्माने उस गाभी-रूप एथ्वीको साथ लेकर सूरज, बरुण, वायु. अग्नि, इन्द्र, कुबेर, चन्द्र, यम प्रश्वत तीस करोड़ देवताओं के साथ क्षीर सागरके किनारे पुरुष-सूक्त मन्त्र से साधवकी आराधना करते हुये आकाश वाणी सुनी।