পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তীৰ্থ পৰ্য্য়টন কৰে। এইবাৰ তেওঁ নিশা য’তেই বাস কৰিছিল, তাতেই একোখন সত্ৰ হৈ উঠাৰ দৰে হৈছিল। তীৰ্থৰ পৰা ঘূৰি আহি কিছুকাল পাটবাউসীত থকাৰ পাছত পুনৰ মহাৰাজ নৰনাৰায়ণৰ ৰাজধানী কোচবিহাৰলৈ যায় আৰু তাতে আঢ়ৈ বছৰ কাল থকাৰ পাহত ১৫৬৮ খৃষ্টাব্দত বৈকুণ্ঠ প্ৰয়াণ কৰে।
 শ্ৰীমন্ত শঙ্কৰদেৱ নিজে গৃহাশ্ৰমী আছিল, আৰু খেতিবাতি কৰি জীৱিকা নিৰ্ব্বাহ কৰিছিল; কিন্তু তেওঁৰ প্ৰধান সঙ্গী মহাপুৰুষ শ্ৰীমাধৱদেৱ উদাসীন আছিল। শ্ৰীমাধৱদেৱৰ আদৰ্শকে লৈ কিছুমান ভক্তে সংসাৰ ত্যাগকৰি ধৰ্ম্মপ্ৰচাৰ কৰিছিল; এই উদাসীন ভক্তৰ সৰহভাগেই সত্ৰৰ হাটি বহাত বাস কৰিছিল।
 শ্ৰীমন্ত শঙ্কৰদেৱে বহুতো শাস্ত্ৰ প্ৰণয়ণ কৰে; তাৰ ভিতৰত এইকেইখন প্ৰধান--(১) কীৰ্ত্তন ঘোষা, (২) শ্ৰীমদ্ভাগৱত ১ম, ২য়, ৩য় স্কন্ধ (অনাদি পাতন)। ৬ষ্ঠ স্কন্ধ (অজামিল উপাখাান), ৮ম স্কন্ধ (অমৃত মথন —বলিছলন), আদ্য দশম, কুৰুক্ষেত্ৰ, একাদশ স্কন্ধ, নিমিনৱ সিদ্ধ, দ্বাদশ স্বন্ধ, গুণমালা, ৰামায়ণ (উত্তৰাকাণ্ড), হৰিশ্চন্দ্ৰ উপাখ্যান, ভক্তি-ৰত্নাকৰ (সংস্কৃত), টোটয়, বড়গীত, অঙ্কীয়া নাট—কালিদমন, পত্নীপ্ৰসাদ, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰামবিজয় ইত্যাদি।
 শঙ্কৰ-কিঙ্কৰ
 হৰিনাৰায়ণ

तीर्थ पर्यटन करनेको निकले। इस बार की उनकी यात्रा तथा स्थान जहाँ २ वे ठहरते थे मानो सत्र से मालुम होते थे। तीर्थसे लौट कर कुछ दिन तक पाटबाउसीमें रहनेके बाद फिर महाराज नरनारायणकी राजधानी कूचबिहारमें ढाई बरस तक रहे। आखिर सन १५६८ में बैकुंठगामी हुये।
 श्रीशंकरदेव गृहस्थी थे; और खेती-बारी करके जीवन बिताते थे। लेकिन उनको प्रिय और प्रधान संगी महापुरूष माधवदेव उदासीन थे। श्रीमाधवदेवके आदर्श को अपना कर कुछ भक्तों ने धर्म चर्चा की थी। इन उदासीन भक्नोमेंसे ज्यादा लोग तो सत्रके हाटिडेरेमें बास करते थे।
 श्रीमंत शंकरदेवने बहुतसे शास्त्रोंका प्रणयन किया। उनमें से नीचे लिखे शास्त्र प्रधान हैं:— (१) कीर्त्तन घोषा, (२) श्रीमद्भागवत पहला, दूसरा, तीसरा, स्कन्ध (अनादि पातन) छठा स्कन्ध (अजामिल उपाख्यान), आठवाँ स्कन्ध (अमृत मंथन बलिछलन), आद्य दशम, कुरुक्षेत्र, ग्यारहवाँ स्कन्ध, निधि नवसिड, बारहवाँ स्कन्ध, गुणसाला, रामायण (उत्तराकांड), हरिस्चन्द्र उपाख्यान, रूक्मिणी हरण, भक्तिप्रदीप, (संस्कृत), टोटय, बड़गीत, अंकीया नाट, कालिय दमन, पत्नीप्रसाद, केलि-गोपाल पारिजात हरण, रामविजय इत्यादि।
 शङ्कर-किङ्कर

 हरिनारायण