|
“ভাগৱত” বুলিলে অসমীয়া মানুহে সাধাৰণতে এই আদ্যদশমকেই বুজে। অনুমান হয়—বৈকুণ্ঠৰ পট অঙ্কন কৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰৰ নিৰ্দ্দেশমতে তেওঁৰ ৰচিত পদৰ মাজে মাজে প্ৰত্যেক ঘটনাৰ চিত্ৰবোৰ অঙ্কন কৰোৱা হৈছিল; অৰ্থাৎ এই চিত্ৰবোৰ সম্ভৱতঃ মহাপুৰুষে নিজে অনুমোদন কৰিছিল। অৱশ্যে আমি পোৱা সচিত্ৰ আদ্যদশমখন মহাপুৰুষে আগত থাকি নকল কৰোৱা নহব পাৰে; পৰৱৰ্ত্তী কালত এই পুথি নকল কৰা আৰু চিত্ৰবোৰ অঙ্কন কৰা হলেও মহাপুৰুষৰ অনুমোদিত চিত্ৰৰ অনুৰূপে অঙ্কন কৰা বুলি ধৰিলে বোধকৰোঁ ভুল নহব। পুথিখনিৰ শেষত ১৪৬১ শঁক লিখা আছে; গতিকে এই পুথিৰ আখৰ আৰু চিত্ৰবোৰ ১৪৬১ শঁকৰ অৰ্থাৎ ১৫৩৯ খৃষ্টাব্দৰ বা ষোড়শ শতিকাৰ আদি ভাগৰ বুলি ধৰিব পাৰি। এই সময়ত শ্ৰীমন্ত শঙ্কৰদেৱৰ বয়স ৯০ বছৰ। আমি পোৱা উক্ত আদ্যদশম স্কন্ধ ভাগৱতৰ পদবোৰ হুবহু ছপা কৰি তাৰ মাজে মাজে পুথিৰ তিনি ৰঙৰ চিত্ৰবোৰ ছপা কৰা আমাৰ পক্ষে অসম্ভৱ; সেই কাৰণে পদবোৰ পুথিৰ বানানতে সুকীয়াকৈ ছপা কৰা হৈছে আৰু চিত্ৰবোৰ ভগৱানৰ কৃপাত আজি প্ৰায় ন বছৰ পাছতহে সুকীয়াকৈ প্ৰকাশ কৰা হল। চিত্ৰবোৰ বুজিবৰ সুবিধাৰ অৰ্থে প্ৰত্যেক চিত্ৰৰ তলে তলে অতি সংক্ষিপ্ত বিৱৰণ দিয়া হল। বিৱৰণবোৰত চিত্ৰ অনুসাৰে শ্ৰীকৃষ্ণৰ শৈশৱ আৰু কৈশোৰ লীলা ফুটাই তুলিবলৈ যত্ন কৰা হৈছে। এই কাৰণে পুথিখনিৰ নাম চিত্ৰ-ভাগৱত ৰখা হল। ই চাৰিশ বছৰ আগৰ প্ৰাচীন কামৰূপৰ ভাগৱতীসকলৰ ভাগৱত প্ৰচাৰৰ এটা জীৱন্ত নিদৰ্শন। |
आवश्यकताके अनुरूप छोटा या बड़ा, तोन रंगों में चित्रित है। यथा-पहले पृष्ठ पर शुकदेव और परीक्षितका चित्र ४″×३॥″ तथा दूसरे पृष्ठा का चित्र १८″×३॥″ नापका है। पुस्तक में रहे नापों में हम सभी चित्रों को तैयार नहीं करवा सके। प्रायः आधे और कुछ चौथाई आकार में ही चित्र बनवाये हैं। सभी चित्रों को तीन रंग में तैयार करने पर व्यय अधिक होने की संभावनासे कुछ तो तीन रंगों में बनवाये गये हैं बाकी सिर्फ एक रंग में ही तैयार कर छपवाया है। |
পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৷৷৹ )