পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৮৩ )

 কৃষ্ণ-বলভদ্ৰৰ গোপবালকবিলাকৰ লগত খেলা:— বৃন্দাবনত সোমাই গোপবালকবিলাকে নানা প্ৰকাৰ ক্ৰীড়া কৰিবলৈ ধৰিছে। কোনোৱে হাতত ধৰাধবি কবি বাহুযুদ্ধ কৰিছে, কোনোৱে বা ঠেলাঠেলি কৰিছে। বলভদ্ৰে এটা গোপবালকক হাতত তুলি দিগদিগ দিছে। কৃষ্ণই নৃত্য কৰিছে। শ্ৰীদাম, সুদান আদিৰ কোনেও বাঁহী, কোনেওবা শিঙা বজাইছে।

 कृष्ण-बलरामका ग्वालवालकों के साथ क्रीड़ा : बृन्दावनमें घुसकर गोपबालकगण तरह तरहकी क्रीड़ायें करने लगे। कोई आपसमें बाहुयुद्ध कर रहे हैं; कई धकेलना-ठेलना कर रहे हैं। बलभद्र एक गोपबालकको हाथमें चढ़ाकर दिग्​दिग्​ दे रहा है। कृष्ण नृत्य कर रहा है। श्रीदाम, सुदाम आदि कोई बांसुरी तो कोई सींगाही बजा रहा है।

 
গোপবালকৰ লগত কৃষ্ণৰ খেলা।  

 বৃন্দাবনত কৃষ্ণ বহি আছে; তেওঁ আগ হাত দাঙি গোপবালকবিলাকক আদেশ দিছে। কোনো বালকে হাতজোৰ কৰি যেন কৃষ্ণক স্তুতি কৰিছে; কোনোৱে বা ফল বুটলিছে; কোনোৱে আকৌ দৌৰিছে; কোনোৱে বা মোক নুচুবি বুলি হাত জোকাৰি

 वृन्दावनमें कृष्ण बैठा है; वह दाहिना हाथ उठाकर गोपबालकोंको आदेश दे रहा है। कोई बालक हाथ जोड़कर मानो कृष्णकी स्तुति कर रहा है; कोई फल बटोर रहा है; कोई फिर दौड़ रहा है; कोई मुझे मत छू कहकर हाथ हिलाकर मना