|
দিল্লীৰ মোগল বাদচাহ জেলালউদ্দিন আকবৰ আৰু কামৰূপত সুবিখ্যাত মহাৰাজ নৰনাৰায়ণ। আকবৰে নিজৰ চিত্ৰকৰ খোৱাজ অব্দুল চামাদক (চিৰাজ) আৰু সমৰ কন্দৰ মহম্মদ নাছিৰক হিন্দু আৰু মুছলমান চিত্ৰকৰসকলক চিত্ৰাঙ্কন শিক্ষা দিবলৈ নিযুক্ত কৰিছিল। মোগল বাদচাহ জাহাঙ্গীৰৰ সময়ত উত্তৰ-ভাৰতত চিত্ৰ-বিদ্যাৰ বেছি উন্নতি হৈছিল। আমাৰ স্বৰ্গদেউ শিৱসিংহ, মহাৰাজ নৰনাৰায়ণ আৰু পৰবৰ্ত্তী কোচ ৰজাসকলৰ দিনত চিত্ৰবিদ্যাৰ বিশেষ চৰ্চা হৈছিল। এইবোৰ চিত্ৰৰ ধৰণ মোগলী। এতেকে ভাৰতীয় চিত্ৰবোৰ তিনি শ্ৰেনীত ভাগ কৰিব পাৰি—হিন্দু, বৌদ্ধ আৰু মোগলী। ভাৰতীয় চিত্ৰবোৰৰ অঙ্কনৰ ঠাচ (style) অনুসৰি ঠাইৰ-নামমতে আকৌ পাছত নামকৰণ হয়—যেনে দিল্লী, কাঙ্গাৰা, কাশ্মিৰী, জয়পুৰী ইত্যাদি। জয়পুৰী চিত্ৰক আমি সাধাৰণতে ৰাজপুতী চিত্ৰ বোলোঁ। ৰাজপুতী চিত্ৰত ঘৰুৱা চৰিত্ৰ, মানুহৰ চলন-ফুৰণ ফুটি উঠিছিল। বৌদ্ধচিত্ৰত বৌদ্ধধৰ্ম্মৰ মধুৰ ভাৱবোৰ ফুটাই তুলিছিল। মোগলী চিত্ৰবোৰো প্ৰায় ৰাজপুতী চিত্ৰৰ দৰে; কিন্তু সেইবোৰত ধৰ্ম্মভাৱ নাই—প্ৰায়বোৰেই ঐহিক সুখ-সম্ভোগৰ। এক কথাত কবলৈ হলে হিন্দু আৰু বৌদ্ধ-চিত্ৰবোৰ ভাৰতৰ আত্মিক জীৱনৰ বিকাশ, মোগলী-চিত্ৰবোৰ পাৰ্থিৱ আৰু স্বাভাৱিক। আমাৰ প্ৰাচীন কামৰূপৰ ষোড়শ শতিকাৰ চিত্ৰবোৰ ৰাজপুতী; ইয়াৰ লতা, গছ, জীৱ-জন্তুৰ চিত্ৰ আদিত অৱশ্যে কামৰূপীয় বৈশিষ্টা আছে। মহাপুৰুষ শ্ৰীশঙ্কৰদেৱৰ অঙ্কিত চিহ্নযাত্ৰাৰ পট (বৈকুণ্ঠৰ পট), বৃন্দাৱনী কাপোৰ, সচিত্ৰ পুৰণি সাঁচীপতীয়া ভাগৱত (সংস্কৃত, অসমীয়া)। |
यानों के रूप में इस के अवशेष प्राप्त हैं। इसी समय में बौद्ध-मूर्तियाँ विष्णुमूर्तियों में रूपान्तरित करदी गई थीं। |
পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৷৴৹ )