সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰাঙ্গদা
আসমুদ্র হিমাচলে কৰিব ঘোষণা ৷

যাদব প্রধান কৃষ্ণ
জগতৰ নমস্য পালক
মিত্র তযু -- বন্ধু তযু
সম্পদে বিপদে
চিৰদিন ভাগ্যে তযু
অনুণত অতিথি গৃহৰ।

যুবনাশ্ব-- ধৰ্ম্মৰাজ !

অপাৰ সৌভাগ্য তযু!
তাতকই পৰম সম্পদ
কোনে বাৰু কৰে আকিঞ্চন ?
কৃষ্ণ চৰণব ছায়া
অপ্রয়াসে লভিছা সততে।
অশ্বমেধ তুচ্ছ কথা--
কৃষ্ণ প্রসাদত,
অপ্রয়াসে মহাযজ্ঞ হ’ব অনুষ্ঠিত।

অনুশাল্ব-- মহাৰাজ।

দুৰ্বলতা কৰাঁ পৰিহাৰ ।

যুবনাশ্ব-- ধৰ্ম্মৰাজ ।

উৎকণ্ঠাত অপেক্ষিছে সভাস্থ সকলে।
কৰাঁ তযু সন্মতি জ্ঞাপন।

ভীম-- তযু অনুগ্রহ হেতু মহাৰাজ