এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চিত্ৰাঙ্গদা
প্ৰস্তাৱনা
[ পাণ্ডৱৰ ৰাজসভা।--বিভিন্ন আসনত শ্ৰীকৃষ্ণ, যুধিষ্ঠিৰ, অৰ্জ্জুন, নকুল, সহদেৱ, ব্যাস, ধৌম্য, যুবনাশ্ব, অনুশ্বাৰ আদি ৰজাসকল পাৰিষদ উপবিষ্ট । বেদীত পতাকা, ধনুশৰ, ধূপ, দীপ, গন্ধপুস্প পূজাৰ নৈবেদ্য-স।মগ্রী প্ৰস্তুত]
বৈতালিকে প্রবেশ কবি গীত গালে--
জয়হে যুধিষ্ঠিৰ ধীৰ গম্ভীৰ বীৰ মহাৰাজ
জয় ৰাজকন্যাকুল-তিলক মহা মহীপতি
জয় সয়ম্ভূ সত্যসন্ধ আশ্ৰমী যোগী যতি
জয়হে সুৰ কিন্নৰ নৱ প্ৰণত
চক্ৰৱৰ্ত্তী ৰাজ অধিৰাজ।
[গীতান্তত সভামণ্ডলীক প্ৰণাম জনালে]
| ব্যাস-- | ধৰ্ম্মৰাজ ! ভাগ্যবান তোমাৰ সমান কোন এনে আছে মহিমান? |
| অনুশাল্ব-- | চক্রবর্তী ৰাজনাম
অশ্বমেধ মহাযজ্ঞে কৰিব প্রচাৰ |