সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তৃতীয় দৃশ্য ]
৩১
চিত্ৰাঙ্গদা
নহওঁ—। এবাইচ, দি এবাইচ, লব পৰাহে অমুকা। যুঁজবাগৰ এখন লগাহ'লে দেখিলেহেঁতেন—।
পুণ্ডৰীক— যুঁজকে ধিয়াইছ, বাৰু পাবি। এইবাৰ কাঠক কাঠে পাণ্ডৱো কম নহয়—। গন্ধৰ্ব্বও শুদা নহয়। পাণ্ডবৰে৷ ঘাই জনেই আহিছে।
সেনানী— লাগকচোন যুঁজ, মণিপুৰীয়াই কচুকটা দিয়েনে নিদিয়ে?
পুণ্ডৰীক— বাৰু দেখিলেহে লেখিম।

[ বৃষকেতু সোমাই আহে ]

বৃষকেতু— তোমালোক এই মণিপুৰৰে সেনানী?
পুণ্ডৰীক— হয়। মোৰ লগৰ এইজন সেনানীয়েই। ম‍ই কিন্তু সৈন্য বিভাগৰ নহয়। আপুনি একা?
বৃষকেতু— মোৰ পৰিচয় বাৰু পাবা। পাণ্ডৱৰ যজ্ঞ অশ্ব তোমলোকেই ধৰি নিছা?
সেনানী— হয় আমিয়েই ধৰিছোঁ—।
বৃষকেতু— তোমালোকৰ ৰজাই এই বাৰ্ত্তা জানেনে? নাই তোমালোকে নিজ ইচ্ছাৰেহে ধৰিছা? ইয়াৰ পৰিণাম যে পাণ্ডৱৰে বিৰোধ আৰু লগে লগে গন্ধৰ্ব্বৰ সৰ্ব্বনাশ, এইকথা নভবাকৈ ঘোঁৰা বন্দী কৰা মণিপুৰৰ পক্ষে মঙ্গলজনক হোৱা নাই।
পুণ্ডৰীক— মঙ্গল অমঙ্গল বিবেচনাৰ একো প্ৰয়োজন হোৱা নাই। গন্ধৰ্ব্বেশ্বৰ মহাৰাজ শ্ৰীবব্ৰুবাহন মণিপুৰৰ সাক্ষাত দেৱতা। প্ৰত্যেক গন্ধৰ্ব্বৰ জ্বলন্ত বিগ্ৰহ