এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তৃতীয় দৃশ্য ]
৩১
চিত্ৰাঙ্গদা
| নহওঁ—। এবাইচ, দি এবাইচ, লব পৰাহে অমুকা। যুঁজবাগৰ এখন লগাহ'লে দেখিলেহেঁতেন—। |
| পুণ্ডৰীক— | যুঁজকে ধিয়াইছ, বাৰু পাবি। এইবাৰ কাঠক কাঠে পাণ্ডৱো কম নহয়—। গন্ধৰ্ব্বও শুদা নহয়। পাণ্ডবৰে৷ ঘাই জনেই আহিছে। |
| সেনানী— | লাগকচোন যুঁজ, মণিপুৰীয়াই কচুকটা দিয়েনে নিদিয়ে? |
| পুণ্ডৰীক— | বাৰু দেখিলেহে লেখিম। |
[ বৃষকেতু সোমাই আহে ]
| বৃষকেতু— | তোমালোক এই মণিপুৰৰে সেনানী? |
| পুণ্ডৰীক— | হয়। মোৰ লগৰ এইজন সেনানীয়েই। মই কিন্তু সৈন্য বিভাগৰ নহয়। আপুনি একা? |
| বৃষকেতু— | মোৰ পৰিচয় বাৰু পাবা। পাণ্ডৱৰ যজ্ঞ অশ্ব তোমলোকেই ধৰি নিছা? |
| সেনানী— | হয় আমিয়েই ধৰিছোঁ—। |
| বৃষকেতু— | তোমালোকৰ ৰজাই এই বাৰ্ত্তা জানেনে? নাই তোমালোকে নিজ ইচ্ছাৰেহে ধৰিছা? ইয়াৰ পৰিণাম যে পাণ্ডৱৰে বিৰোধ আৰু লগে লগে গন্ধৰ্ব্বৰ সৰ্ব্বনাশ, এইকথা নভবাকৈ ঘোঁৰা বন্দী কৰা মণিপুৰৰ পক্ষে মঙ্গলজনক হোৱা নাই। |
| পুণ্ডৰীক— | মঙ্গল অমঙ্গল বিবেচনাৰ একো প্ৰয়োজন হোৱা নাই। গন্ধৰ্ব্বেশ্বৰ মহাৰাজ শ্ৰীবব্ৰুবাহন মণিপুৰৰ সাক্ষাত দেৱতা। প্ৰত্যেক গন্ধৰ্ব্বৰ জ্বলন্ত বিগ্ৰহ |