|
আনন্দৰ--উল্লাসৰ
বসন্তৰ হিল্লোলৰ মধুৰ প্রবাহ--।
এই মাটি -- এই বায়ু
শস্যৰ হৰিৎ ক্ষেত্ৰ-
শ্যামল বননি ৷
বন্ধু আহিছে বুলি জনায় সম্ভাষণ ।
বন অন্তৰৰ পৰা স্বচক্ষে দেখিলে।--
যজ্ঞ অশ্ব ধৰি নিলে গন্ধৰ্ব্ব সেনাই ।
পুলকিত চিত্ত মোৰ নৃত্য কৰি উঠিছে সঘনে।
জিলিকিছে মানস পটত
অদূৰৰ কিবা যেন মধুৰ লগন
উৎসবৰ নবীন প্রভাত।
সউ দেখোঁ আহিছে কোনোবা
অনুমানো গন্ধবর্বৰে-
যজ্ঞ অশ্ব বন্দী কৰা
কোনোবা সেনানী-- ৷
অলক্ষিতে থাকি বাৰু-
শুনি চাওঁ কি কৰে আলাপ ।
নতু! সুধি চাম-
মণিপুৰ অধীশ্বৰে--
পাৰিবনে পাণ্ডৱৰ ৰোধিব শকতি ?
|