সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
প্ৰথম অঙ্ক
চিত্ৰাঙ্গদা

চকু-লোৰ অঞ্জলি সম্ভাৰ
উন্মনা বিদায়বাণী ৰাজকুমাৰীৰ
“যোৱাঁ নাথ—
হোৱা নাই পূজা মোৰ
অজিয়ে নিঃশেষ।
কুমাৰী গৰ্ভত মোৰ--
মধ্যাহ্ন ভাস্কৰ সম—
মঞ্জৰিছে ক্ষুদ্ৰ যিটি তোমাৰ প্ৰতিভা—
প্ৰভো—
আহিবা এদিন—
পৰিণত হ'লে সেই কুসুম অঙ্কুৰ
দ্বিতীয় ফাল্গুনী বুলি দিব পৰিচয়”
সেয়েনেকি উন্মনা অন্তৰ
অলস শিথিল যেন
তেজবীৰ্য্য মাংস পেশী মোৰ-।

[ বৃষকেতু আৰু মেঘবৰ্ণৰ প্রবেশ ]

মেঘবৰ্ণ— হে পিতৃব্য

ক’ৰবাতে এৰিলে শিবিৰ-
বম্য ই প্রদেশ দেখি—
লাগিছেনে ইমান মমতা ।

অৰ্জ্জুন— বাস্তবিক মেঘবর্ণ—