শঙ্খ ঘণ্টা উৰুলীয়ে লঙ্ঘিব আকাশ
প্ৰান্তৰে পথাৰে মোৰ বনাগ্নি জ্বলাম
তোৰণে তোৰণে মোৰ প্ৰাসাদে পঁজাই
দিপালীৰ বন্তি উজলাম—।
আজীৱন কল্পনাৰ—কামনাৰ—সাধনাৰ—
সিদ্ধি সেই স্বৰ্গ মোৰ—
নামি আহি দিছে ধৰা
আপোন ইচ্ছাৰে।
অভাগিনী আইয়ে মোৰ
নয়ন সলিল ঢালি ধুৱাব চৰণ
ম্লান—মূক—মণিপুৰে—
চৰণত দিব ঢালি সঞ্চিত সাদৰ।
নোৱাৰোঁ ৰোধিব গতি
অন্তৰৰ উচ্ছশিত পুলক সোঁতৰ
মাতৃ! মাতৃ! আজি
পাষাণত জাগিছে দেৱতা
অদূৰত শুনা যায়
পদধ্বনি মৃদুল মন্থৰ
মাতৃপুত্ৰ দুয়ো মিলি
নয়ন সলিল ঢালি
দেৱতাৰ ধুৱাম চৰণ।