সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
প্ৰথম অংক
চিত্ৰাঙ্গদা
মেঘবৰণীয়া এটি অশ্ব সুলক্ষণ

কৰিছেহি সুখে বিচৰণ !
কপালত অৰা আছে তাৰ
স্বৰ্ণ লিপিকাত লেখা
পাণ্ডৱৰ বিজয় ঘোষণা-।
নায়ক আহিছে বোলে
পাৰ্থ নামে তৃতীয় পাণ্ডৱ ।
বাহিৰত সেনানীয়ে
অপেক্ষিছে ৰজাৰ আদেশ।

বব্ৰুবাহন- পুণ্ডৰীক ! যোৱাঁ! যোৱাঁ !

নিজে গই সেনানীৰে সতে
অশ্ব ধৰি আনিবাঁ যত্নেৰে--
কপালৰ লিপি তাৰ
সাৱধানে সযতনে
এৰুৱাই আনি দিবাঁ মোক-।

[পুণ্ডৰিক যাব খোজে ]

আৰু শুনা,

যদি প্রশ্ন কৰে কোনোবাই
সৈন্য কিম্বা কোনো সেনানীয়ে
মণিপুৰ ভূপতিৰ শুনাবা আদেশ-
“তৃতীয় পাণ্ডৱে যদি প্রবেশি নগৰ