এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰথম দৃশ্য
১৭
চিত্ৰাঙ্গদা
| সকলোতে আজি যেন ভুল হয় মোৰ । |
[ অৰ্জ্জুনৰ মৰ্ম্মৰ মূৰ্ত্তিৰ চকু পৰে ; একেথৰে সেইপিনে চাই চাই ভৰিব কাষৰ ফুলবোৰ বুটলি ]
| পুৱাতে বুটলি আনি অভাগিনী আয়ে মোৰ বনৰ কুসুম |
দোটোপাল অশ্রুৰে তিয়াই--
ফিৰি গ'ল অঞ্জলি প্রদানি
তোমাৰেই-
এই দুটি পাষাণ পদ্মত !
পিতা! পিতা!
দেখা নাই কিমান সুন্দৰ !
লভা নাই স্পর্শ সুখ কিমান মধুৰ !
পোৱা নাই বঞ্চিত ললাটে মোৰ-
সউ দুটি অধৰৰ আশীষ চূম্বন ।
তথাপিতে৷ কত সন্ধ্যা-
কৈশোৰৰ কত মোৰ জোনাক যামিনী ।
মুগ্ধ হই শুনি শুনি
তোমাৰ গৰিমা ৰাশি
বীৰত্বৰ অপূর্ব কাহিনী
পৰোঁতে আপুনি ঢলি
নিদ্ৰাৰ কোলাত-}}২