আজি মোৰ মন মৃগ
মূৰ ডাঙ্গি ফুৰিছে চেকুৰি
অন্বেষণ কৰি দূৰ বনবনান্তত
এৰি অহা--ক’ৰবাত
এটি যেন প্ৰিয় পৰিচয় !
অন্তৰ উন্মাদ মোৰ
উত্তপ্ত ললাট--
লালায়িত কৰে যেন পৰশ বিচাৰি-
মাগি ফুৰে বাটে বাটে দুৱাৰে দুৱাৰে
কাৰবাৰ এআষাৰি স্নেহ সম্ভাষণ।
নোৱাৰে নিজেই ক’ব
কাক লাগে ? কি বিচাৰি উন্মাদ অন্তৰ
ওচৰত আছে যেন-
তথাপি নিলগ !
খুজিলে সাবটি ল’ব
অদৃশ্য অশৰী হই
হাত মেলি মাতে যেন
সেউ আঁতৰত।
কস্তুৰী হৰিণ হই--ফুৰিছোঁ বিচাৰি
অন্তৰৰ কোনো যেন গোপন প্ৰতিমা !
যাকে ধৰোঁ--যিহকে বিচাৰোঁ
|