এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্ৰথম দৃশ্য
১৫
চিত্ৰাঙ্গদা
আত্ম সমৰ্পণ
এই দুটি ৰঙা চৰণত ৷
[ মুৰ্ত্তিৰ ভৰিত অঞ্জলি দিয়ে ]
আৰু সখা,
তোমাৰেই বসন্ত হিল্লোলে অনা
ফুলৰিণু যেন
তাহানিয়ে ফুলি উঠা
নয়নৰ মণি সেই সন্তান ৰতন--,
ধীৰে ধীৰে হ’ল
আজি যেন পৰিণত ফল ।
অতিক্ৰমি বিৰহৰ দীৰ্ঘ ব্যৱধান--
উঠিছে সবল হই--
তোমাৰেই ক্ষুদ্ৰ তাঙ্গৰণ
পাষাণ দেৱতা মোৰ
অঞ্জলি গ্রহণ কৰাঁ
অন্তৰৰ মোৰ !
নোৱাৰোঁ সহিব আৰু
গতিহীন--বাণীহীন---স্পৰ্শহীন
পাষাণত পাষাণ স্বৰূপ ।
[ মুৰ্ত্তিৰ ভৰিত মূৰ লগাই সেৱা কৰি লাহে লাহে যায়গৈ, আৰু অলপ পাচতে হাতত ধনুশৰ লৈ বব্ৰুবাহন সোমাই আহে]