এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম অঙ্ক
প্ৰথম দৃশ্য
[মণিপুৰ ৰাজ প্ৰাসাদৰ সম্মুখৰ ফুলনিত অৰ্জ্জুনৰ মৰ্ম্মৰ প্ৰতিমূৰ্ত্তি; যেন কোনো এক লক্ষ্যভেদৰ কাৰণে ধনুত শৰ যোজনা কৰিছে। মূৰ্ত্তিৰ পৰা অলপ দূৰত এজোপা গছৰ কিছু ওপৰত ঘূৰণীয়া ঢাল এখন অৰা আছে। মাজত এটা বগা লক্ষ্য—যলৈ লক্ষ্য কৰি বক্ৰবাহনে শৰ নিক্ষেপ কৰে। মূৰ্ত্তিৰ পদতলত বহি তন্ময় ভাৱে মুখলৈ চাই থকা অৱস্থাত চিত্ৰাঙ্গদা]
চিত্ৰাঙ্গদাৰ গীত
নাহিবি নাহিবি দিঠকৰ দাপোন ঐ
নানিবি পোহৰৰ জাল
এন্ধাৰৰ কোলাতে সপোনৰ সুৱদি
জ্বলি থ’ক চিৰটি কাল।
অতীতৰ বুকুৰে সোণৰ জিলিকনি
সাগৰৰ বুকুৰে ঢউ
উটিযা উটিযা অসীমৰ সোতঁতে
মউ তাৰ সোহঁতে নউ
[গীতান্তত হাতৰ মালা ভক্তি ভাৱেৰে মূৰ্ত্তিৰ ডিঙিত পিন্ধাই দিয়ে]
| চিত্ৰা— | অন্তৰৰ সকলো মাধুৰী প্ৰিয় যৌবনৰ ৰঙা অনুৰাগ |