এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
চিত্ৰাঙ্গদা
| বৃষকেতু-- | নতশিৰে জনাই বন্দনা সমবেত জন মণ্ডলীক |
| মেঘবৰ্ণ-- | এনে শুভ যাত্রা উদ্যোগত দাদা! মোকো নিয়াঁ তোমাৰ লগত । |
| বৃষকেতু-- | আছে পিতা পিতৃব্যসকল মাগিলোৱাঁ অনুমতি |
| যুধি-- | আজ্ঞা দিছো বাছা ! বাৎসল্য মোহত মাথো |
[ অৰ্জ্জুন, বৃষকেতু, মেঘবর্ণ, অনুশাল্ব, যুবনাশ্বই শ্ৰীকুষ্ণক সেৱা কৰে আৰু তাৰ পিছত যুধিষ্ঠিৰক সেৱা কৰে, যুধিষ্ঠিৰে অশ্বদর্পণ লৈ আগে আগে যায় আৰু লগতে শ্ৰীকৃষ্ণও যায়। পুৰনাৰীবিলাকে উৰুলী দিয়ে, শঙ্খধ্বনি হয় আৰু পিছে পিছে সকলোৰে প্রস্থান ]