সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
চিত্ৰাঙ্গদা
নায়ক স্বৰূপে দিলোঁ বৰণ তিলক

লোৱাঁ অসি লোৱাঁ ধনুশৰ
মহাৰাজ যুবনাশ্ব দৈত্যপতি অনুশান্ব
সাহায্যাৰ্থে যাব সহচৰ
অশ্বসতে ত্ৰিভুবন কৰিবা ভ্ৰমণ--
অক্ষয় পাণ্ডৱ কীৰ্ত্তি ৰাখি বাহুবলে,
ৰাজ্যলই ফিৰিবা পুণৰ ৷

বৃষকেতু-- মোকো লাগে আজ্ঞা মহাৰাজ,

ময়ো আছে৷ আদেশ অপেক্ষি,

খুবাৰ সাহায্য হেতু
যাব খোজোঁ অশ্বৰ লগত।

শ্ৰীকৃষ্ণ আজ্ঞা দিয়াঁ ধৰ্ম্মৰাজ

বৃঘকেতু বীৰ্যবান পিতাৰে সমান,
অৱহেলি পৰাজিলে
পৰম সহায় হ'ব অৱশ্যে সখাৰ।

যুধি আজ্ঞা দিছোঁ বাছা

কৰা যাত্রা পিতৃব্য সহিত
লোৱা এই
বিজয় পতাকা পাণ্ডৱৰ
অক্ষুণ্ণ অক্ষত তাৰ ৰাখিবা সম্মান--।

[ বৃষকেতুৰ হাতত পতাকা দিয়ে ]