এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯
চিত্ৰাঙ্গদা
[আগে আগে ধৌম্য, তাৰ পিচত মাঙ্গলিক গীত গাই গাই পুৰনাৰী
বিলাকৰ প্রবেশ ]
গীত
মধু বৰষক ! মধু বৰষক।
স্বর্গে বিমানে মধু বৰবক।
শঙ্খ-উকলীৰ মঙ্গল ধ্বনীয়ে নভ পৰষক
আজি মধু বৰযক ৷
অক্ষত দুবৰিৰে শান্তি ঢালি,
ধুপধুনা বন্তিৰে দিপালী জ্বালি--
আশীষ দিছোঁ ঢালি
দীতি উজ্বলক
জয় গানে বিজয়ৰ নভ পৰ্ষক
আজি মধু বৰষক-।
| ধৌম্য-- | মহাৰাজ প্রস্তুত সজ্জিত অশ্ব |
| ব্যাস-- | ধৰ্ম্মৰাজ, চন্দন তিলক দিয়াঁ পাৰ্থ কপালত । |
[ যুধিঠিৰে অৰ্জ্জুনৰ কপালত তিলক দি অস্ত্ৰবৰ্ম্ম আদিৰে সজাই দিয়ে ]
| যুধি-- | হে মধ্যম, তুমিয়েই হোত্রী এই মহান যজ্ঞৰ। |