সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰাঙ্গদা
একবাক্যে জয়গীত গা'ব পাণ্ডৱৰ--

ত্ৰিভুবনে ঘোষিব কীৰিতি ৷
মোৰো শুভইচ্ছা আজি কৰিছোঁ জ্ঞাপন
শুভকাৰ্য্য সুকলমে হোক সম্পাদন।

যুধি-- হে কৃষ্ণ পাণ্ডৱ বান্ধৱ

তযু শ্ৰীমুখৰ এই আশিস বচন
পাণ্ডৱৰ নিত্য আকিঞ্চন।

শ্ৰীকৃষ্ণ-- উঠাঁ সখা,

কুৰুক্ষেত্ৰ কৰিলা বিজয়--
এইবাৰ তাতোকই উন্নত যশস্যা
আৰ্জ্জিবৰ কৰাঁ আয়োজন।
সমবেত নৃপতি মণ্ডলে
যোগ্যপাত্ৰ কৰিছে নিয়োগ।
নায়কৰ বিশিষ্ট সম্মান
একবাক্যে সকলোৱে দানিছে তোমাক
উঠাঁ--, কৰ্ত্তব্যত হোৱাঁ অগ্ৰসৰ।

পাৰ্থ--

সখা মোৰ, প্রভু মোৰ
কাৰ খ্যাতি? কোনে আর্জে?
কাৰ প্ৰভাৱত ?
নেপালে চৰণ ছায়া তযু শ্ৰীপদৰ
নিৰ্জ্জীৱ পাৰ্থৰ বাহু,
নিৰ্জ্জীৱ গাণ্ডীৱ।