সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰাঙ্গদা
"অশ্বমেধ যজ্ঞ ব্ৰতী

একচ্ছত্ৰী ৰজা যুধিষ্ঠিৰ,
যজ্ঞ অশ্ব ৰক্ষক অৰ্জ্জুন
ধৰণীৰ শ্ৰেষ্ঠ ধনুৰ্দ্ধৰ।
যজ্ঞ অশ্ব ত্ৰিভুবন কৰিব ভ্ৰমণ--
এনে দুঃসাহস যদি আছে কাৰবাৰ
ৰেধে গতি যজ্ঞ তুৰঙ্গৰ,
সবংশে নিধন তাৰ ধ্ৰুৱ সুনিশ্চিত।"

শল্য— আজ্ঞা দিয় দাদা,

বিলম্বত হ'ব কাৰ্য্য নাশ।
উপযুক্ত হইছে দর্পণ-
উপযুক্ত হইছে ঘোষণা !
উঠাহে মধ্যম,
প্রণামি চৰণ এই সবাস্থ সবাৰো,
দিগ্বিজয় যাত্ৰা হেতু কৰাঁ আয়োজন।

ব্যাস— আজ্ঞা দিয়াঁ ধৰ্ম্মৰাজ

অশ্বপদ কৰি প্রক্ষালন,
কুল পুৰোহিতে তাৰ
কপালত লেপক চন্দন,
ৰাজক মঙ্গল শঙ্খ,
পুৰনাৰী সবে মিলি দিয়ক উৰুলী,
নিজ হাতে ধৰ্ম্মৰাজে-,