সমললৈ যাওক

পৃষ্ঠা:চিত্ৰাঙ্গদা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰাঙ্গদা
ধৌম্য- মহাৰাজ!

আজি মধু-পূৰ্ণিমা মিলিছে,
দিগ্বিজয় যাত্রা হেতু,
অতি শুভদিন !
এনে লগ্ন নিমিলে হঠাতে ৷

[ অশ্ব-কপালৰ বিজয় ঘোষণ। লেখা, সুবর্ণ দর্পণলৈ বৃঘকেতু আৰু মেঘবর্ণৰ প্রবেশ ]

মেঘবৰ্ণ-- পিতা!

কনক, কিঙ্কিনি, বাজু,
বলয়, নেপুৰ,
দিব্য বস্তু অলঙ্কাৰে
বিভূষিত যজ্ঞ তুৰঙ্গম
দুৱাৰত ৰাখিছো প্রস্তুত।
এয়া তাব বিজয়ী দর্পণ ।
পঢ়াঁ দাদা
বিজয় ঘোষণ

বৃষকেতু-- প্রণত মস্তকে মই সভাস্থ সবাৰো,__

অনুমতি কৰিছো প্ৰাৰ্থনা!
অশ্ব কপালৰ এয়ে বিজয় দৰ্পণ।
শুনক ৰাজন্যবৰ্গ,
এয়ে তাৰ বিজয় ঘোষণা ৷