অমৃত প্ৰভা—কামৰূপ-পতিৰ কন্যা। কাশ্মীৰৰ যুৱৰাজ
মেঘবাহনে এওঁৰ পাণিগ্ৰহণ কৰে। কাশ্মীৰ মহিযী হৈ অমৃত-
প্ৰভাই বৌদ্ধ ভিক্ষুসকলৰ কাৰণে অমৃতভৱন নামে বিহাৰ নিৰ্ম্মাণ
কৰে৷
ৰাজ্যদেবী—কামৰূপাধিপতি হৰ্গদেৱৰ কন্ঠা, আৰু নেপালবাজ জয়দেৱৰ মহিষী।
চন্দ্ৰপ্ৰভা-- আমিত্তৰ মাক আৰু প্ৰতাপসিংহৰ মহিযী। আৰু এক ৰিণমতে আৰিমত্তৰ পিতৃৰ নাম মায়ামত্ত।
ৰক্তমালা - আৰিমত্তৰ ভাৰ্য্যা।
ভেলাদৈ—আৰিমত্তৰ ভণীয়েক মায়ামৰ্ত্তৰ কন্যা, আৰু
লোহিতাজ শান্তনুৰ পুতেকৰ ভাৰ্য্যা; কুশৰঙ্গৰ মাতৃ।
লক্ষ্মী—আৰিমত্তৰ মন্ত্ৰী সমুদ্ৰৰ পুতেক মনোহৰৰ কন্যা।
শ্যামাদেবী—কুমাৰ ভাস্কৰ বৰ্ম্মাৰ মাতৃ, সুস্থিৰ বা সুস্থিত বৰ্ম্মাৰ মহিষী।
নয়নদেবী - সুস্থিৰ বৰ্ম্মাৰ মাতৃ আৰু স্থিত বৰ্ম্মাৰ মহিযী।
ভোগৱতী—স্থিত বৰ্ম্মাৰ মাতৃ আৰু চন্দ্ৰমুখ বৰ্ম্মাৰ মহিযী।
বিজ্ঞানৱৰ্তী—চন্দ্ৰমুখ বৰ্ম্মাৰ মাতৃ আৰু মহাভূত বৰ্ম্মাৰ মহিষী।
দেৱৱতী—মহাভূত বৰ্ম্মাৰ মাতৃ আৰু নাৰায়ণ বৰ্ম্মাৰ মহিষী।
সুব্ৰতা – নাৰায়ণ বৰ্ম্মাৰ মাতৃ আৰু মহেন্দ্ৰ বৰ্ম্মাৰ মহিষী।