লগত ৰমাবাঈৰ বিশেষ বন্ধুত্ব হয়। যি মিছ্ বড্লীয়ে আনন্দীবাঈক খৃষ্টীয় ধৰ্ম্মত দীক্ষিত কৰিবলৈ ইমান যত্ন কৰিছিল সেই মিছ্ বড্লী খৃষ্টীয় ধৰ্ম্মাবলম্বী ৰমাবাঈৰ পৰম বন্ধু হল। ৰমাবায়ে ডাঃ বড্লীৰ লগত থাকোঁতে “ওখ শ্ৰেণীৰ হিন্দু তিৰোতা” নামে এখন গ্ৰন্থ লিখে। মিছ্ বড্লীয়ে তাৰ পাতনি লিখি দিয়ে। এই গ্ৰন্থত ৰমাবায়ে ভাৰতীয় তিৰোতাৰ দুৰৱস্থা আৰু অশিক্ষাৰ বিষয়ে বিবৰি লিখে। ডাঃ বড্লীয়ে পাতনিত ডাঃ আনন্দীবাঈ জোছীৰ অকাল মৃত্যুত দুখ প্ৰকাশ কৰে। ভাৰতত হিন্দু বিধৱাশ্ৰম পাতিবলৈ ৰমাবায়ে যি সংকল্প কৰে তালৈ আমেৰিকাবাসীৰ মন আকৰ্ষণ কৰে।
১৮৮৬ খৃষ্টাব্দৰ মে মাহত ৰমাবায়ে বোষ্টন নগৰত এখন বিৰাট সভাত এটি বৰ ওজস্বিনী বক্তৃতা দিয়ে, আৰু তাৰ পাচত কেনেডা আৰু প্ৰশান্ত উপকূলত ভাৰতৰ হিন্দু বিধৱা আশ্ৰম খোলাৰ কথা কৈ নানান ঠাইত বক্তৃতা দি ফুৰে। ইয়াৰ ফল স্বৰূপে আমেৰিকাৰ ঠায়ে ঠায়ে ‘ৰমাবাঈ সভা’ বা ‘ৰমাবাঈ কেন্দ্ৰ’ স্থাপিত হল। আৰু সমজুৱা সকলে হিন্দু বিধৱা আশ্ৰমৰ অৰ্থে ধন গোটাবলৈ ধৰিলে।
১৮৮৯ খৃষ্টাব্দত ফেব্ৰুৱাৰী মাহত ৰাবায়ে ভাৰতলৈ উভটি আহি বোম্বেত নামেহি। তাৰ ছ সপ্তাহৰ পাছত বোম্বেৰ এটি ঘৰত সাৰদাসদন নামে বিধৰা আশ্ৰম প্ৰতিষ্ঠা কৰা হয়। সেই আশ্ৰমত পোন প্ৰথমে মাথোন দুটি বিধবা কন্যাই আশ্ৰয় লয়।
৬