নোৱাৰিলে। আৰু সেই উদাৰ কামৰ নিমিত্তে তেওঁ সহায় বা ধন একো নেপালে। সেই সময়ত ৰমাবায়ে বাৰবছৰীয়া বিধৱা ছোৱালী এটিক উদ্ধাৰ কৰি নিজৰ দুৰৱস্থা স্বত্ত্বেও নিজৰ লগতে ৰাখে।
১৮৮২ খৃষ্টাব্দত গৱৰ্ণমেণ্টে ভাৰতীয় শিক্ষা সম্বন্ধে অনুসন্ধান কৰিবলৈ এটি সমিতি বা কমিস্যন গঠন কৰে। পুনাৰ আৰ্য্যমহিলা সমাজৰ প্ৰায় তিনি শ মান তিৰোতাই গোট খাই এই সমিতিক অভ্যৰ্থনা দিয়ে, সেই সভাত ৰমাবাঈৰ বক্তৃতা শুনি সকলোৱে আচৰিত মানিছিল। তাৰ পাচত এই সভাই স্ত্ৰীশিক্ষাৰ বিষয়ে ৰমাবাঈৰ মতামত সুধিলে, তেওঁৰ বক্তৃতা আৰু মতামত ইমান সাৰুৱা হৈছিল যে শিক্ষা সমিতিয়ে তাক মাৰাথী ভাষাৰ পৰা ইংৰাজীলৈ অনুবাদ কৰে। এই সময়ত ৰমাবাঈৰ খ্যাতি গোটেই দেশতে ৰাষ্ট্ৰ হৈ পৰে।
ৰমাবায়ে তেতিয়া ভালকৈ বুজিব পাৰিলে যে ইংৰাজী আৰু শিক্ষা-প্ৰণালী নজনাৰ কাৰণে তেওঁৰ বৰ অসুবিধা হৈছে; সেই দেখি তেওঁ থিৰ কৰিলে, বিলাতলৈ গৈ ইংৰাজী শিকি নিজৰ অভিজ্ঞতাৰ সীমা বঢ়াব।
বিলাতত ৰমাবায়ে ওয়াণ্টেজ নামে ঠাইৰ এটি নাৰী আশ্ৰমৰ ঘৰত আশ্ৰয় লয়। তাত এবছৰ থাকি ইংৰাজী ভাষা ভালকৈ শিকি লয়। আৰু সেই সময়ত তেওঁ বাইবেল পঢ়ি খৃষ্টীয় আদৰ্শৰ প্ৰতি তেওঁৰ মন প্ৰবলভাবে আকৃষ্ট হয়। ইতিপূৰ্ব্বে হিন্দু ধৰ্ম্মৰ ওপৰত তেওঁৰ আস্থা অলপ লৰিছিল, ভাৰতৰ নানান তীৰ্থত ভ্ৰমি