সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
চানেকি

সুবিধা হল। ৰমাবায়ে স্ত্ৰীশিক্ষাৰ বিষয়ে বক্তৃতা দিওঁতে তেওঁ পছিমীয়া স্ত্ৰীশিক্ষা ইয়াত প্ৰৱৰ্ত্তাৰ খোজা নাছিল, তেওঁ হিন্দু শাস্ত্ৰকে ভেটি কৰি বক্তৃতা দি ফুৰিছিল; আমাৰ শাস্ত্ৰত তিৰোতাক শিক্ষ৷ দিয়াৰ বিধি আছে, আৰু আজি কালি যে আমি তিৰোতা জাতিক আওহেলা কৰোঁ আৰু শিক্ষা নিদিওঁ ই হিন্দু জাতিৰ নিজৰে অৱনতিৰহে চিন মাথোন। ৰমাবাঈৰ মতে ওখশ্ৰেণীৰ হিন্দু ছোৱালী বিলাকে বিয়াৰ পূৰ্ব্বে মাতৃভাষা আৰু সংস্কৃত শিক্ষা কৰিব লাগে। বাল্য-বিবাহৰ বিষয়ে তেওঁ ঘোৰ প্ৰতিবাদ কৰি বক্তৃতা দি ফুৰিছিল।

 পুনাৰ সম্ভ্ৰান্ত বংশীয়সকলৰ মাজত ৰমাবাঈ বক্তৃতাই গুণ ধৰিলে। তাৰ ভদ্ৰ তিৰোতাসকলৰ মাজত “আৰ্য্য মহিলা সমাজ” নামে এটি সভা সংগঠিত হয় সভাৰ উদ্দেশ্য স্ত্ৰীশিক্ষা, প্ৰচলন আৰু ছোৱালী পৈণত হলেহে বিয়া দিয়াৰ প্ৰথা প্ৰবৰ্ত্তণ। পুনাত উৎসাহ আৰু উদগনি পাই ৰমাবায়ে মহাৰাষ্ট্ৰ দেশৰ অন্যান্য ঠাইত বক্তৃতা দি আৰ্য্য মহিলা সমাজৰ শাখা সভা স্থাপন কৰিবলৈ ধৰিলে। সেই কাৰ্য্যত সহায়ৰ নিমিত্তে তেওঁ নানান গ্ৰন্থ লিখি বা ভাঙ্গি তাক প্ৰচাৰ কৰিবলৈ ধৰিলে।

 নিৰাশ্ৰয়া অনাথিনী বিধৱাসকলৰ শিক্ষ৷ আৰু উদ্ধাৰৰ নিমিত্তে এটি আশ্ৰম পাতিবৰ কাৰণে ৰমাবাঈৰ অন্তৰত তেতিয়াৰ পৰা এটি প্ৰবল ধাউতি হয়, আৰু সেই বিধৱা আশ্ৰমত আশ্ৰয় লোৱা বিধৱাসকলে যাতে আগলৈকো সেই কাম চলাই থাকিব পাৰে। কিন্তু ধনৰ অভাৱত পোনতে সেই কাম তেওঁ হাতত লব