সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
চানেকি

গাৱঁত গৈ যেই সেই কাম কৰি জীবিকা উলিয়াই বৃদ্ধ পিতৃ-মাতৃক প্রতিপালন কৰিব ৷ তেতিয়া আমাৰ মনত সাহ হল, আৰু এখুজি দুখুজিকৈ কাৰ্যৰৰ গাঁৱলৈ খোজ ললোঁ । তথাপি আমাৰ মনত বৰ বাঞ্ছা হল, যাতে কোনো বনৰীয়া জন্তু আহি আমাৰ সকলোটিৰে অন্ত কৰেহি। জীৱনৰ ওপৰত আমাৰ মায়া ইমান হীন হৈছিল।”

 ইয়াৰ অলপ দিনৰ পাচত ৰমাবাঈৰ পিতাক মাক আৰু বাই দেৱাকে অন্নাভাৱ আৰু ৰোগত পৰি প্ৰাণ এৰিলে । মাথোন থাকিল তেওঁৰ সাৰথী মৰমৰ ককাইদেৱাক শ্রীনিবাস শাস্ত্রী।

 তাৰ পচত ককাইদেৱাকৰ লগত ভাৰতৰ নানান তীর্থ, নানান ঠাইত ৰমাবায়ে ফুৰিবলৈ ধৰিলে। ভাৰতৰ তিৰোতাৰ পক্ষে সংস্কৃত আৰু নিজ মাতৃভাষা শিকা যে একেবাৰে কৰ্ত্তব্য তাকে ককায়েক ভনীয়েকে দেশে দেশে প্ৰচাৰ কৰিলে । তেতিয়া তেওঁ লোকৰ অৱস্থা বৰ বেয়া আছিল, এনেকি পিন্ধা সাজ-পাৰো ভাল নাছিল, ভালকৈ অন্নৰো সংস্থান নহৈছিল, তথাপি তেওঁলোক মুহূৰ্ত্তৰ কাৰণেও নিজৰ উদ্দেশ্যৰ পৰা ভ্ৰষ্ট নহৈছিল৷ নানান ঠাইত বক্তৃতা দি দি অৱশেষত তেওঁলোক কলিকতালৈ আহে, তাতে। স্ত্রীশিক্ষাৰ আৱশ্যকতাৰ বিষয়ে বক্তৃতা দিয়ে । তিৰোতা মানুহৰ মুখত এনে প্রাঞ্জল সংস্কৃত ভাষাৰ বক্তৃতা শুনি পণ্ডিতসকল আচৰিত হৈছিল। তেওঁলোকে গোট খাই ৰমাবাঈক ‘সৰস্বতী' উপাধি দান কৰিলে। তাৰ পাচত তেওঁ আসামৰো নানা ঠাইলৈ আহি স্ত্রীশিক্ষাৰ বিষয়ে বক্তৃতা দি ফুৰে। তাৰ কিছু দিনৰ মূৰত কলিকতাত অনেক দিন কষ্ট-দাৰিদ্র্য সহ‍ কৰাৰ পাচত