বঁতিয়াই পেলায়। কিন্তু সেই দিনা ৰাতি গোপালৰাৱে দিয়া
গাখীৰ তেওঁ বঁতিৱা নাছিল। ৰাতি দহমান বাজি যোৱাত আনন্দী
বাঈয়ে হঠাৎ বঁতিয়াই “আই মৰিলোঁ” বুলি চিঞৰ মাৰি উঠে।
ভগৱন্তৰ কি ইচ্ছা, গোপালৰাওৰ তেতিয়া দুৰ্ঘোৰ টোপনি,
শহুৰেকে হেজাৰ চিঞৰিও তেওঁক শোৱাৰপৰা তুলিব
নোৱাৰিলে। মাকে আহি আনন্দীবাঈক গবা মাৰি ধৰে।
তেতিয়া “মোৰ দ্বাৰাই যিমান দূৰ সম্ভব মই কৰিলো।” এই কেইটি
শব্দ তেওঁৰ কাণত পৰে, এয়ে আনন্দীবাঈৰ শেষ কথা। মাকে
আহি দেখে যে তেওঁৰ প্ৰাণ-প্ৰিয় সন্তানৰ জীৱন-লীলা সমাপ্ত হৈ
গ'ল। স্ত্ৰী-শিক্ষাৰ যি বিজয় নিচানে ইমান দিন পাশ্চাত্য সমাজকো
বিস্ময়ত স্তম্ভিত কৰি ৰাখিছিল, নিষ্ঠুৰ কালে তাক আজি অকালত
হৰি নিলে। ভাৰতৰ স্ত্ৰী-সমাজৰ মঙ্গলাকাঙ্ক্ষী স্বাৰ্থত্যাগী দেশ-
প্ৰেমিক গোপালৰাত্তৰ আশা-তৰুৱে পুষ্পিত মুকুলিত হৈ ফল-
দান কৰাৰ পূৰ্ব্বেই মৃত্যুৰ বজ্ৰপাতে পুৰি তাক ছাৰখাৰ কৰি
পেলালে।
মৃতকৰ অন্ত্যেষ্টি-ক্ৰিয়া যথাশাস্ত্ৰ সম্পাদন কৰা হল। গোপাল ৰাও তাৰ নিমিত্তে চিন্তিত হৈছিল। কিন্তু ভাৰতলৈ উভতি অহাৰ পাছৰে পৰা আনন্দীবাঈ বৰ নৈষ্ঠিক হৈ পৰিছিল। তল শ্ৰেণীৰ মানুহ আৰু খৃষ্টান আদিক তেওঁ আগৰ দৰে ছুই নফুৰিছিল। তেওঁৰ সৰল মত আছিল যে হিন্দু সমাজত হিন্দুৰ দৰে থকাতো, সহজ বিশ্বাসত নৈষ্ঠিক আচাৰ-ব্যৱহাৰ মানি চলাটো বাঞ্ছনীয়; বিদেশৰপৰা আমদানি কৰা উদাৰ অনৈষ্ঠিক