কি ? সেই দাবানলৰ অপৰিমেয় জ্যোতিত তোমাৰ নিজৰ চকু অন্ধ হব, তুমি জ্বলি ছাই-ভস্ম হবা, কিন্তু সেই অগ্নি নুমুৱাব নোৱাৰা ! তুমি যদি ভাৰতৰ বুৰঞ্জী মেলি চাইছিলা তাত পঢ়িব পোৱা যে হিন্দুৰমণীয়ে জ্বলন্ত অগ্নিত জাপ মাৰি মৰণ আলিঙ্গন কৰিবলৈ ভাল পায়, তেওঁলোকে নিজৰ ধৰ্ম্মত্যাগ কৰিব নেজানে । কাৰণ এই ধৰ্ম্মনিষ্ঠা অকল বাহিৰৰ বক্তৃতাৰে তেওঁলোকৰ অন্তৰত ঠাই পোৱা নাই, এই ধৰ্ম্মনিষ্ঠা তেওঁলোকৰ মজ্জাগত, ই তেওঁলোকৰ নিৰঞ্জন আত্মাৰ সাৰাংশ ।
ইয়াৰ পাছত আন প্ৰকাৰ বিপদৰ সূত্রপাত হয়। জাহাজৰ ইঞ্জিনীয়াৰ চাহাবে শ্রীমতী জন্সনৰ সহায়তাত আনন্দীবাঈক বিপথগামিনী কৰাৰ চেষ্টাত লাগিল । পাপিষ্ঠই তেওঁক অকলশৰে দেখিলেই কাষ চাপি গৈ ভালৰী লগাই নানান কথা কয়, আক তলত থকা ইঞ্জিন প্রভৃতি যন্ত্রাদি চাবলৈ অনুৰোধ কৰে। তেওঁৰ অসদ্ ইচ্ছা বুজ পাই আনন্দীবায়ে অসম্মতি দেখুৱাত, শ্ৰীমতী জন্স্নে গালি শপনি পাৰি তললৈ যাবলৈ তেওঁক পেৰিবলৈ ধৰিলে। খৃষ্ট-মহিমা-প্ৰচাৰিকা শ্রীমতী জন্সনে খৃষ্টৰ কোনটো আদেশ মতে স্বামিবিৰহবিধুৰা, অসহায়া জ্ঞানার্থিনী যুৱতীক এইদৰে বিপথগামিনী কৰিবলৈ চেষ্টা কৰিছিল, আমি কব নোৱাৰো । জাহাজত দাঁতৰ বেমাৰৰপৰা আনন্দীবায়ে বিষম কষ্ট পায়, কিছুমান দিন তেওঁ অনাহাৰে থাকিবলৈ বাধ্য হয়। শ্রীমতী জন্স্নে এদিনে৷ তেওঁক চাবলৈ যোৱা নাছিল। ষ্টীমাৰত থকা আন আন বিদেশী তিৰোতায়ো নিৰ্দয়া জন্সনৰ পথ অনুসৰণ কৰে। তেওঁলোকে