সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
চানেকি

দেখা যায় । কিন্তু ডেৰকুৰি বছৰৰ আগেয়ে ইয়াৰ অৱস্থা তেনে নাছিল । গোপালৰাও উচ্চমনা আৰু দৃঢ়চিত্ত হোৱাৰ কাৰণে হে ব্রাহ্মণ কন্যা আনন্দীবাঈক সোতৰ বছৰ বয়সত শিক্ষাৰ নিমিত্তে তেওঁ আমেৰিকালৈ পঠিয়াব পাৰিছিল ।

 ১৮৮৩ খৃষ্টাব্দৰ ৭ এপ্ৰিলৰ দিনা আনন্দীবাঈৰ আমেৰিকা যাত্ৰাৰ দিন স্থিৰ হ'ল । আমেৰিকাত এই দেশৰ বস্তু বেহানি পাবলৈ নাই জানি তেওঁ তিনি বছৰৰ জোখাই খাৰু, কাঁচলি, দেশী কাপোৰ মাৰাঠী শাৰী, সেন্দূৰ, ধোচা, এনেকি, ৰামচন্দ্ৰ, শঙ্কৰ, পাৰ্ববতী আদি দেৱদেবীৰ ছবিও লগত ললে। মোটৰ ওপৰত তেওঁৰ আমেৰিকা যাত্ৰাত আজিকালিৰ বিলাসিতাৰ লেশমাত্র নাছিল। তেওঁ আশ্ৰমচাৰিণী তপস্বিনী ঋষিকন্যাৰ দৰে জ্ঞানাশী হৈ অতি পৱিত্ৰ চিতেৰে খৃষ্টৰাজ্য মার্কিন দেশলৈ গৈছিল। যৌৱনত চিত্ত এনেকুৱা সংযম অতি বিৰল । প্রিয়তম স্বামী আৰু মাতৃস্বৰূপা জন্মভূমিৰ শান্তিময় কোলাৰপৰা আঁতৰি বহুত দিন বিদেশত থাকিব লাগিব ইত্যাদি চিন্তাত আনন্দীবাঈ কাতৰ হৈ পৰিল । ইপোনে গোপালৰাৱো বলিয়া যেন হ'ল; — নিজৰ হৃদয়ৰ স্নেহ সৰ্ব্বস্ৱ দান কৰি যাক তেওঁ ইমান দিন পালন কৰি আহিছে, অপৰিচিত বিদেশত কোনেই বা তেওঁক চাব, তেৱেঁই বা কিৰূপে প্রিয়তমা পত্নীৰ বিৰহত অকলৈ কাল কটাব, এই বোৰ চিন্তাত তেওঁৰ হৃদয় বিদীর্ণ হবলৈ ধৰিলে । ৭ এপ্ৰিলৰ দিনা গোপাল ৰাৱে বোম্বেৰ বন্দৰলৈ গৈ লগৰীয়া যাত্ৰী শ্ৰীমতী জন্স্নৰ হাতত নিজ পত্নীক সমৰ্পণ কৰিলে, আনন্দীবাঈক মাথোন এই কথাষাৰ কলে,