সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫১
আনন্দীবাঈ জোছী

আৰু বিদেশী চিকিৎসা-বিজ্ঞানৰ ঐক্য ৰাখি দেশৰ বৰ্ত্তমান অৱস্থাৰ উপযোগী চিকিৎসা প্রণালী প্ৰৱৰ্ত্তন কৰা আনন্দীবাঈৰ প্রধান লক্ষ্য আছিল। কিন্তু অৰ্থৰ অভাৱত তেওঁ লোকে নিজ সঙ্কল্পত বহুদিনলৈকে গুটি ধৰাব নোৱাৰিলে । শ্ৰীৰামপুৰত থাকোঁতে গোপালৰাৱে সস্ত্ৰীক আমেৰিকালৈ যাবৰ নিমিত্তে দুবছৰৰ ছুটী খুজি ডাক বিভাগৰ কৰ্তৃপক্ষলৈ আৰ্জ্জি দিলে, কিন্তু তেওঁৰ আবেদন নামঞ্জুৰ হ'ল। অৱশেহত আনন্দীবাঈক অকলৈ আমেৰিকালৈ পঠিয়াবলৈ তেওঁ থিৰ কৰি কলে, – মিছাতে সময় নষ্ট কৰাৰ সকাম নাই, তুমি অকলৈ আমেৰিকালৈ যোৱাঁ, মই পাছে ওলামগৈ। আজিলৈকে কোনো বামুণৰ জীয়াৰী অকলসৰে বিদেশলৈ যোৱা নাই, তুমি এই বিষয়ে সকলোৰে পথ প্ৰদর্শিনী হোৱাঁ । স্বদেশৰ ৰীতিনীতিৰ বিন্দুমাত্র পৰিৱৰ্ত্তন নকৰি নিজৰ ব্যৱহাৰৰ গুণেৰে আমেৰিকাবাসীক হিন্দু ৰীতিনীতিৰ পক্ষপাতী কৰাঁ । তিৰোতাৰ দ্বাৰাই কোনো মহৎ কাম সাধিত নহয় বুলি ই দেশত যি প্রবাদ আছে, তাক তুমি অলীক সাধুকথাত পৰিণত কৰাঁ। এই দেশৰ অনেক সংস্কাৰকে নাৰীজাতিৰ মঙ্গলৰ নিমিত্তে বহুত দিনৰে পৰা মুখেৰে আন্দোলন কৰি ফুৰিছে। কিন্তু কাৰ্য্যত কোনেও বিশেষ একো কৰিব পৰা নাই, মোৰ ইচ্ছা তুমি এই দুষ্কৰ কাৰ্য্য সম্পাদন কৰি সকলোৰে উদাহৰণ স্থানীয় হোৱা । ” মহানুভৱ স্বামীৰ উপদেশ শুনি দেশহিতৈষিতাৰ অপৰূপ আদৰ্শৰ আবেগেৰে আনন্দীবাঈৰ হৃদয় ভৰপূৰ হবলৈ ধৰিলে। আজিকালি স্ত্রীশিক্ষা আৰু স্বাধীনতাৰ বাট আগতকৈ বহুত পৰিমাণে নিষ্কণ্টক