সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
চানেকি

ছিল। গোপাল ৰাৱে তেতিয়া আন ফিকিৰ আৰম্ভ কৰিলে । তেওঁ মুঠেই খং নেদেখুৱাই আজলী আনন্দীবাঈক নানা তৰহৰ ধেমালি আৰু হেপাহৰ বস্তু আনি দিলে, লেখা পঢ়া শিকিলে আৰু আনি দিম বুলি লোভ দেখুৱালে! এইবাৰ তেওঁ কৃতকাৰ্য্য হল । কিন্তু আনন্দী বাঈৰ ছোৱালী স্বভাৱ কত যায়, পঢ়া বন্ধ হলেই একে জাপেই গৈ তেওঁ লগৰীয়ানীহঁতৰ লগ লৈছিল গৈ ; কিন্তু তেওঁৰ বুদ্ধি চোকা থকাৰ গতিকে অতি কম পৰিশ্ৰমতে সকলো বিষয় আয়ত্‌ত কৰিব পাৰিছিল । কাপোৰ কানিৰ ধুনপেচত আনন্দী- বাঈৰ পোনতে বেছ ধাউতি আছিল, কিন্তু গোপাল ৰাওৰ চেষ্টাত পাছলৈ তেওঁ সৰল সহজ সাজপাৰৰ পক্ষপাতিনী হয়। আলি- বাগলৈ যোৱাৰ পাছত তেওঁৰ লেখাপঢ়াৰো বৰ উন্নতি হয়, আৰু এক প্ৰকাৰে তেওঁৰ মাৰাঠী শিক্ষা সম্পূর্ণ হয় ।

 বিয়াৰ দুবছৰৰ পাছত আনন্দীবাঈৰ এটী পুত্র সন্তান লাভ হয়। কিন্তু সেই শিশু ওপজাৰ পাছত মাথোন দহদিন জীয়াই থাকে। ইয়াৰ পাছত প্ৰসূতী অৱস্থাত আনন্দীবাঈ পিতাকৰ ঘৰত থাকেগৈ। দাৰুণ পুত্রশোক অতিক্ৰম কৰি শান্ত হোৱাৰ পাছত তেওঁ পুনৰ আগৰ দৰে লেখাপঢ়া আৰম্ভ কৰে, তেওঁৰ মাৰাঠী শিক্ষা শেষ হৈছিল, গোপাল ৰাৱে এইবাৰ তেওঁক ইংৰাজী শিকাবলৈ ধৰিলে ; আনন্দীবাঈৰো জ্ঞানস্পৃহা ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে। এতিয়া আৰু তেওঁৰ গাত লৰালিৰ চাঞ্চল্য নাই, তেওঁ স্বামীৰ ইচ্ছানুগামিনী প্ৰকৃত সঙ্গিনীৰ ঠাই অধিকাৰ কৰিলে ।

 গোপাল ৰাও অৱৰোধ প্রথা বা তিৰোতাক পৰ্দাৰ ভিতৰত