পুৰুষৰ একো অধিকাৰ নাই। বহুতৰ বিশ্বাস যে তিৰোতাক অজ্ঞান-তিমিৰত ৰখাই ভাল, কাৰণ শিক্ষাৰ পোহৰ পালে বোলে তেওঁলোকৰ নাৰীত্ব আৰু মাতৃত্বৰ অশেষ বিঘনি জন্মে। এনে ধৰণৰ উদ্ভত মতাৱলম্বীসকলক আমি এটি উপমা মাথোন দেখুৱাওঁ; ধৰা, তোমাৰ বাৰীত আম আৰু লেচু দুজোপা গছ আছে। তুমি যদি দুজোপা গছত যত্ন কৰি সাৰ দিয়া, তাৰপৰা লেচুৰ ‘লেচুত্ব' আৰু আমৰ “আমত্বৰ” পূৰ্ণ মাত্ৰা বিকাশ হব। আম আৰু লেচু গৈ একেজাতীয় ফলত কেতিয়াও পৰিণত নহয়। সেইদৰে তিৰোতাক শিক্ষাৰ সাৰ দিলে নাৰীত্বৰ সৰ্ব্বাঙ্গ বিকাশহে হয়, তাৰ লোপ হবৰ কোনো সম্ভাবনা নাই। গোপালৰাৱো তেওঁৰ কুমলীয়া পত্নী আনন্দী বাঈক ভালমতে শিক্ষা দি মনোমত কৰি গঢ়ি লবলৈ দৃঢ় প্ৰতিজ্ঞ হল। বিয়াৰ পাছত কিছুমান দিন তেওঁ শহুৰেকৰ ঘৰতে আছিল। আনন্দীবায়ে পঢ়িবলৈ তেওঁ খনচেৰেক মাৰাঠী পুথি আনি দিছিল। লেখাপঢ়াৰ পিনে আনন্দীবাইৰ আগৰে অশ্ৰদ্ধা, গতিকে যৰে কিতাপ ততে পৰি থাকিল। ইপোনে গণপৎৰাও স্ত্ৰীশিক্ষাৰ বিশেষ পক্ষপাতী নোহোৱাত, দেউতাকৰ ঘৰত আনন্দীবাঈক ৰখাটো গোপালৰাৱে সুবিধাজনক যেন নেভাবিলে। সেই দেখি তেওঁ বহুত চেষ্টা কৰি ডাক-বিভাগৰ কৰ্তৃপক্ষক খাটি আলিবাগলৈ বদলি হল, আৰু তালৈ বুঢ়ী-মাকৰ সৈতে আনন্দীবাঈকো লৈ গল।
ইয়াতো আহি আনন্দী বাঈৰ পঢ়া শুনাত মনোযোগ নেবাঢ়িল। গোপালৰাওৰ আগতে কিতাপ ফলি দলিয়াই পেলাই-